Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সাহিত্য অন্বেষণৰ দ্বিতীয় বৰ্ষপূৰ্তিত গ্ৰন্থ উন্মোচন

পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট,২০ ডিচেম্বৰ:যোৰহাট প্ৰেছ ক্লাবত ২০ ডিচেম্বৰত অনুষ্ঠিত  সাহিত্য অন্বেষণৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত তিনিখন গ্ৰ...


পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট,২০ ডিচেম্বৰ:যোৰহাট প্ৰেছ ক্লাবত ২০ ডিচেম্বৰত অনুষ্ঠিত  সাহিত্য অন্বেষণৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত তিনিখন গ্ৰন্থ উন্মোচনৰ লগতে পাঁচ গৰাকী ব্যক্তি আৰু চাৰিটা অনুষ্ঠানক উপাধি প্ৰদান কৰা হয়।অনুষ্ঠানটোৰ সভাপতি জোনমণি চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত পশ্চিম যোৰহাট অঞ্চলৰ চাৰিঙীয়া গাঁৱৰ শিক্ষয়িত্ৰী ৰঞ্জু পুজাৰী দত্তই সংগ্ৰহ কৰা "মহৎলোকৰ অমৃত বাণী",জ্যোৎস্না বৰা শইকীয়াই লেখা "ঈশ্বৰত্ব লাভ আৰু সন্ন্যাস"ৰ লগতে দৃষ্টিৰূপা বৰদলৈৰ সম্পাদনাত প্ৰকাশিত অনুষ্ঠানটোৰ দ্বিতীয় বাৰ্ষিক মুখপত্ৰ "শব্দ সুগন্ধি"উন্মোচন কৰা হয়।অনুষ্ঠানটোৰ হৈ অনলাইনযোগে অনুষ্ঠিত কৰা প্ৰতিযোগিতাত স্থান প্ৰাপ্তসকলক উক্ত অনুষ্ঠানতে পুৰষ্কাৰ প্ৰদানৰ লগতে ডিব্ৰুগড়ৰ নবীন বৰুৱাক জনহিতৈষী,নাজিৰাৰ অমিয়া নেওগ কলিতাক দিহানামৰ ৰত্নগৰ্ভা,মংগলদৈৰ কন্দৰ্প নাথক সৈনিক কবি,টিয়কৰ পংকজ বৰুৱাক সেউজ কণ্ঠ, যোৰহাটৰ ৰূপা দাসক সমাজসেৱী উপাধি প্ৰদান কৰা হয়।তদুপৰি টীম হিউমেনিটিক শ্ৰেষ্ঠ মানৱতা সন্মানৰ লগতে ব্লেকউভছক উদিপ্ত সুৰুজ,গ' গ্ৰীণ অৰ্গেনাইজেছনক সেউজ প্ৰাণ বঁটাৰ লগতে নীটৰ কৰ্মীসকলক অঙ্গবস্ত্ৰ প্ৰদানেৰে অভিনন্দন জনায়।তাৰপাছতে ৰঞ্জিত গগৈৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনত ৰাজ্যখনৰ বহুগৰাকী কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰে।মুকলি সভাত ৰাজ্যখনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ আগবঢ়োৱা সভাত মাহেকীয়া আলোচনী "দিগদৰ্শন"ৰ সম্পাদক-সাংবাদিক পংকজ কুমাৰ দাস,যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰমেন শইকীয়া আদি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

No comments