ডিফু, ২২ ডিচেম্বৰঃ কেন্দ্রীয় চৰকাৰৰ বিতর্কিত কৃষি আইনক কেন্দ্র কৰি দেশজুৰি তীব্র প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে উক্ত তিনিওখন আইনৰ প্রসংগক...
ডিফু, ২২ ডিচেম্বৰঃ কেন্দ্রীয় চৰকাৰৰ বিতর্কিত কৃষি আইনক কেন্দ্র কৰি দেশজুৰি তীব্র প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে উক্ত তিনিওখন আইনৰ প্রসংগক কেন্দ্র কৰি চৰকাৰৰ সমালোচনাত সৰৱ হৈ পৰিছে বিৰোধী দলসমুহাে। ইয়াৰে অংশ হিচাপে চিপি আই (এমএল)ৰ হিলছ পার্টি কমিটিয়ে আজি ডিফুত এক সংবাদমেলৰ আয়ােজন কৰি কৃষি আইনকেইখনক কঠোৰ ভাষাৰে সমালােচনা কৰে। দলটোৰ শীর্ষনেতা ৰবি কুমাৰ ফাংছ'ৱে সংবাদমেল সম্বোধন কৰি এই বহু বিতর্কিত আইনকেইখনক সমালােচনাৰ লক্ষ্য কৰি লৈ উক্ত তিনিওখন আইনৰ বিৰোধিতাৰে দলটোাৱে অহা ২৯ ডিচেম্বৰত ডিফুৰ চেমচনছিং ইংতি স্মৃতি উদ্যানত এক ধর্ণা কার্যসূচী ৰূপায়ণ কৰিব বুলি ঘােষণা কৰি এই কার্যসূচীত সকলােৰে সহযােগিতা কামনা কৰে। কে এন চি এৰ সভানেত্রী প্রতিমা ইংহিপীয়েও সংবাদমেলত কৃষি আইন সন্দর্ভত সৰৱ হৈ চৰকাৰে কৃষিখণ্ডক পুঁজিপতিৰ হাতত গটোৱাৰ প্রক্রিয়া আৰস্ত কৰা বুলি মন্তব্য কৰে।
No comments