Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সৰভোগ সমষ্টিত সংখ্যালঘুৰ ঘৰে ঘৰে বিজেপিৰ সভা

  গণ বাৰ্তা বিশেষ কলগাছিয়া ১৪ ডিচেম্বৰ : ২০২১ চনত হবলগীয়া অসম বিধান সভাৰ নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে সৰভোগ সমষ্টিত নিৰ্বাচনী বতাহ গ...

 


গণ বাৰ্তা বিশেষ কলগাছিয়া ১৪ ডিচেম্বৰ : ২০২১ চনত হবলগীয়া অসম বিধান সভাৰ নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে সৰভোগ সমষ্টিত নিৰ্বাচনী বতাহ গৰম হবলৈ আৰম্ভ কৰিছে। সৰভোগ সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ তৎপৰতাত সমষ্টিটোৰ চুকে কোণে সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে ৰণকৌশল তৈয়াৰ কৰা হৈছে। এইক্ষেত্ৰত সংখ্যালঘু ভোটাৰক আকৰ্ষিত কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে নতুন নতুন ৰণকৌশল। বিজেপি নেতা আব্দুল ছামাদে ইতিমধ্যে সংখ্যালঘুৰ ঘৰে ঘৰে গৈ সভা অনুষ্ঠিত কৰি ভোটাৰক আকৰ্ষিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ।

বহু সংখ্যালঘু বিবেকবান ভোটাৰ বিজেপিত যোগদানৰ প্ৰস্তুতি চলাইছে। এইক্ষেত্ৰত সমষ্টিটোৰ কলহ ভাংগা গাও পঞ্চায়তৰ নজৰুল ইছলাম নামৰ এজন ভোটাৰে মন্তব্য প্ৰকাশ কৰি কয় যে আমি সৰভোগ সমষ্টিৰ সংখ্যালঘু ভোটাৰ সকলে এতিয়া বুজি পাইছো। সৰভোগ সমষ্টিত বহুত উন্নয়নমূলক কাম হৈছে। বিগত দুটা নিৰ্বাচনত সৰভোগ সমষ্টিৰ সংখ্যালঘু ভোটাৰ সকলে বিধায়ক ৰণজিৎ কুমাৰ দাসৰ পক্ষত থিয় দিয়া নাছিল যদিও বিধায়ক গৰাকীয়ে উন্নয়ন মুলক কাম কাজৰ ক্ষেত্ৰত সমভাবে কাম কৰিবলৈ সক্ষম হৈছে । হিন্দু গাৱত যি কাম হৈছে মুছলমান গাৱতো একেই কাম হৈছে। হিন্দু সকলে যি আচনি পাইছে মুছলমান সকলেও সেই আঁচনিত উপকৃত হৈছে। গতিকে ২০২১ চনত হবলগীয়া বিধান সভাৰ নিৰ্বাচনত আমি সৰভোগ সমষ্টিৰ সংখ্যালঘু ভোটাৰ সকলে তৃতীয় বাৰৰ বাবে সেই ভূল নকৰো। এই বেলি বিধায়ক ৰণজিৎ কুমাৰ দাস যত আছে আমিও তাতেই আছো। বিৰোধী দল অৰ্থাৎ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কথাত সৰভোগ সমষ্টিৰ সংখ্যালঘু ভোটাৰ ভোল নাযায় বুলিও ষ্পষ্ট কৰি দিয়ে। তেওঁ আৰু কয় ইতিমধ্যে কা বিৰোধী আন্দোলনত ৰাজ্য খনৰ ৫ জনকৈ লোক নিহত হৈছে। পিছত  আন্দোলনকাৰী সকলৰ বেছি ভাগেই বিজেপিত যোগদান কৰিলে। এতিয়া পুনৰ কা বিৰোধী আন্দোলন জাগি উঠিছে। আমি এই আন্দোলনত সহযোগ নকৰো। অসমৰ সাধাৰণ ৰাইজেও যাতে এই আন্দোলনত সহযোগ নকৰে তাৰ বাবে আহ্বান জনালোঁ। এই আন্দোলন কা বিৰোধী আন্দোলন নহয়। এইটো হৈছে এম এল এ হোৱাৰ আন্দোলন। এই আন্দোলনত পুনৰ মানুহ মৰিব আৰু আন্দোলনকাৰী সকলে এম এল এ, এম পি হব । আনকি কিছুমানে বিজেপিত যোগদান কৰিব। গতিকে সাধাৰণ ভোটাৰকলৈ ৰাজনীতি কৰি মনাফা লোটা নেতাৰ নেতাগিৰী নচলিব। আমি এইবিলাক বুজি পাও সেয়েহে তৃতীয়বাৰ ভূল নকৰো। ৰাজ্য খনৰ আন আন সমষ্টিৰ মুছলমান সকলেও বিষয়টো চিন্তা কৰা উচিত। কিয়নো কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ পিছে পিছে ঘুৰি ঘুৰি একো কাম নহব। দিছপুৰত যি দলৰ চৰকাৰ থাকে আমি যদি তাৰ বিপৰীতে থাকো তেন্তে আমাৰ কাম কেনেকৈ হব বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ইফালে সৰভোগ সমষ্টিৰ সংখ্যালঘু এলেকাত বিজেপি নেতা আব্দুল ছামাদৰ নেতৃত্বত সভা সমিতি আৰম্ভ হৈছে। সংখ্যালঘু ভোটাৰৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে বুলি বিজেপি নেতা গৰাকীয়ে জানিবলৈ দি কয় যে ২০২১ চনত সৰভোগ সমষ্টি  পুনৰ বিজেপিৰ দখললৈ আহিব। কিয়নো সংখ্যালঘু বিবেকবান সমাজে বিজেপিৰ প্ৰতি নৰম হৈছে । দিছপুৰত পুনৰ বিজেপি দলৰ চৰকাৰ হবই। অসমত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে মুছলমানক লৈ কেৱল ভোট বেংকৰ ৰাজনীতিহে কৰে। ইফালে জনীয়া সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে দলীয় নেতা সকল তৎপৰ হৈ পৰিছে। আজি খৰিচালাত হালধীয়া মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল হালিমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত জেষ্ঠ্য কংগ্ৰেছ নেতা ইদ্ৰিছ আলী আহমেদে ভাষণ প্ৰসংগত কংগ্ৰেছ - এ আই ইউ ডি এফৰ মিত্ৰতাৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনা কৰে। তেওঁ আৰু কয় যে অসমত এ আই ইউ ডি এফৰ স্থিতি শূন্যলৈ নামি আহিছে। বিটিচি নিৰ্বাচনত সেই কথা ষ্পষ্ট হৈ পৰিছে। গতিকে মিত্ৰতা হলেও আমি কংগ্ৰেছী সকলে এ আই ইউ ডি এফক ভোট নিদিও। কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ স্থিতিৰ বিৰুদ্ধেও ক্ষুৰধাৰ সমালোচনা কৰে।

সভাত ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনও কংগ্ৰেছ, এ আই ইউ ডি এফৰ মিত্ৰতাৰ বিৰুদ্ধে বক্তব্য দাঙি ধৰে। সমাগত নিৰ্বাচনত সমষ্টিটোত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাৰ বাবে সমষ্টিটোৰ প্ৰতিটো পঞ্চায়ত এলেকাত সভা সমিতি জোৰদাৰ কৰা পৰিলক্ষিত হৈছে ।সভাত প্ৰাৰ্থীত্ব প্ৰত্যাশী অৱসৰপ্ৰাপ্ত উচ্চ শিক্ষা সঞ্চালক দেলোৱাৰ হুছাইন, ড০ দেৱান আৰশ্বাদ আলী আহমেদ, মজিবৰ ৰহমান খান, ড০ ইউছুফ হুছাইনেও ভাষণ প্ৰদান কৰে। ৰূপসী ব্লক কংগ্ৰেছৰ সভাপতি ছোৰমান আলীয়েও কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰে। ইফালে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচাৰি বৰপেটা জিলা পৰিষদৰ উপ সভাপতি ছামচুল হক, আমিৰুল ইছলাম খান, এডভোকেট হবিবৰ ৰহমান আৰু ফজল হকেও কুচকাৱাজ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। এইক্ষেত্ৰত সমগ্ৰ অসমতে এ আই ইউ ডি এফৰ লগত কংগ্ৰেছে মিত্ৰতা কৰিলেও জনীয়া সমষ্টিত সেই মিত্ৰতা মানি নলয় বুলি কংগ্ৰেছী মহলে হুংকাৰ প্ৰদান কৰে।

No comments