গণবাৰ্তা, কাকডোঙা, ২০ ডিচেম্বৰঃ আছাম প্ৰেছ কৰেছ'পণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ দেৰগাঁও মহকুমা সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখনি আজি দেৰগাঁও ...
গণবাৰ্তা, কাকডোঙা, ২০ ডিচেম্বৰঃ আছাম প্ৰেছ কৰেছ'পণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৰ দেৰগাঁও মহকুমা সমিতিৰ বাৰ্ষিক সাধাৰণ সভাখনি আজি দেৰগাঁও গৰকাপ্তানি পৰিদৰ্শন বংলাত অনুষ্ঠিত হৈ যায়। আপকুৰ দেৰগাঁও মহকুমা সমিতিৰ সাধাৰণ সম্পাদক কুমুদ বৰাই উদেশ্য ব্যাখ্যা কৰা সভাখনিত সভাপতিত্ব কৰে জ্যেষ্ঠ সাংবাদিক ৰাতুল বৰাই। আপকুৰ গোলঘাট জিলা সমিতিৰ সম্পাদক প্ৰনৱ চক্ৰবৰ্ত্তী পৰ্যবেক্ষক হিচাপে উপস্থিত থকা সভাখনত মহকুমা সমিতিৰ উপদেষ্টা জ্যেষ্ঠ সাংবাদিক ৰাজেন পুজাৰীয়ে আগবঢ়োৱা এক প্ৰস্তাব যোগে দেৰগাঁৱত বাহৰ পাতি নেঘেৰিটিং শিৱ মন্দিৰৰ নিৰ্মাণ কাৰ্য তদাৰক কৰা আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ প্ৰতিমুৰ্তি স্থাপন আৰু ১৯৪৬ চনত স্থাপিত আজাদ পুস্তকালয়ৰ পুনৰ নিৰ্মানৰ বাবে চৰকাৰক দাবী জনায় প্ৰস্তাৱ গ্ৰহন কৰা হয়। এই সাধাৰণ সভাতে আবু আহমেদক সভাপতি, ৰাতুল বৰা আৰু পাৰ্থপ্ৰতিম বৰুৱাক উপ-সভাপতি, কুমুদ বৰাক সাধাৰণ সম্পাদক,ৰুবুল শইকীয়া আৰু দীপক হাজৰিকাক সহ সম্পাদক, চামিম আলম হকক পত্ৰিকা সম্পাদক হিচাপে ২১জনীয়া নতুন সমিতিখন গঠন কৰা হয়। আপকু দেৰগাঁও মহকুমা ফালৰ পৰা সৰ্বসন্মতিত আহমেদ হুছেইনক কেন্দ্ৰীয় প্ৰতিনিধি হিচাপে মনোনীত কৰা হয়।
No comments