Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰ্ডৰ সিদ্ধান্তৰ ভিত্তিতহে উন্নয়ন প্ৰাধিকৰণৰ ভূমি দিয়াৰ ব্যৱস্থা : নিৰ্মাণ হব দুখীয়া মধ্যবিত্তৰ বাবে সুলভ মূল্যৰ ফ্লেট

গণবাৰ্তা বিশেষ, যোৰহাট, ৩ ডিচেম্বৰ : যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ নগৰৰ কটকী পুখুৰীত থকা ৰাজহুৱা বাছ আস্থানৰ ভূমি অনিয়ম বা অবৈধ ভাৱে কোনো...



গণবাৰ্তা বিশেষ, যোৰহাট, ৩ ডিচেম্বৰ : যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ অধীনস্থ নগৰৰ কটকী পুখুৰীত থকা ৰাজহুৱা বাছ আস্থানৰ ভূমি অনিয়ম বা অবৈধ ভাৱে কোনো ব্যক্তি বা প্ৰতিষ্ঠানক গতাই দিবলৈ বিচৰা হোৱা নাই। যি কাম হাতত লোৱা হৈছে সেয়া নীতি মতে আৰু বৰ্ডৰ সিদ্ধান্তৰ ভিত্তিত লোৱা হৈছে। ইয়াত কোনো ধৰণৰ অনিয়মৰ কথা আহিবই নোৱাৰে। এই মন্তব্য যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ সভাপতি প্ৰশান্ত জ্যোতি গোস্বামীৰ। বুধবাৰে যোৰহাটৰ অধিবক্তা ৰিণটো গোস্বামী আৰু কেইজনমান সচেতন ব্যক্তিয়ে এক সংবাদমেলত অভিযোগ উত্থাপন কৰিছিল যে উন্নয়ন প্ৰাধিকৰণৰ ১৪ বিঘাৰো অধিক ভূমি  অনিয়মৰে অনা অসমীয়া বণিয়াক গতাই দিবলৈ বিচৰা হৈছে। এই অভিযোগ খণ্ডন কৰি আজি এক সংবাদমেলত জে ডি এৰ সভাপতি জনে এই অভিযোগ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু ভিত্তিহীন বুলি দাবী কৰে। তেওঁ উল্লেখ কৰে যে বাছ আস্থানৰ ভূমি খিনি পূৰ্বৰ বৰ্ডৰ দিনতে  নিৰ্মান কাৰ্যৰ বাবে বিভিন্ন প্ৰতিষ্ঠানত দিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। বৰ্তমানৰ তেওঁৰ কায্যকালত ৭/৩/২০২০ তাৰিখৰ বৰ্ডৰ সিদ্ধান্ত মৰ্মে আবাসীক আৰু ব্যৱসায়ীক নিৰ্মাণৰ বাবে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কোভিডৰ বাবে বোৰ্ডে ই টেণ্ডাৰ কৰাৰ সিদ্ধান্ত কৰা হয় আৰু সেই মৰ্মে ছয় সাতটা প্ৰতিষ্ঠানে টেণ্ডাৰত ভাগ লয়। আৰু টেণ্ডাৰ কমিটিৰ সিদ্ধান্ত মৰ্মে "জৈনকো মেকানিকেল কনষ্ট্ৰাকচন " ক দিয়া হয়। বাছ আস্থানটোৰ ১৪ বিঘা ,৩ কথা ১২ লেছা সমূদায় ভূমি নিৰ্মান কাৰ্যৰ বাবে দিয়া বুলি কৰা অভিযোগ খণ্ডন কৰি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি জনে কয় যে দহ বিঘা ভূমিহে নিৰ্মান কাৰ্যৰ বাবে দিয়া হৈছে। বাকী ভূমি প্ৰাধিকৰণৰ বাছ আস্থানৰ বাবে থাকিব। যিখন চুক্তি বৰ্তমান উক্ত প্ৰতিষ্ঠাটোৰ সৈতে কৰা হৈছে সেইখন চূড়ান্ত নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে প্ৰতিষ্ঠানটোক ডি পি আৰ প্ৰস্তুত কৰিবলৈ দিয়া হৈছে। ইয়াত যিখিনি আবাসীক নিৰ্মান হব সেই খিনি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মান কৰা হব আৰু এই আৱাস সমূহ দুখীয়া আৰু মধ্যবিত্ত লোকে কম মূল্যত লাভ কৰিব। ডি পি আৰ অনুমোদনৰ পাছত চূড়ান্ত চুক্তি হব আৰু প্ৰাধিকৰনে আবাসীক নিৰ্মাণৰ ২০ % আৰু ব্যৱসায়িক নিৰ্মাণৰ ২৩ শতাংশ লাভ কৰিব। বহু বছৰ ধৰি দৰমহাৰ বাবে হাঁহাকাৰ কৰা যোৰহাট উন্নয়ন প্ৰাধিকৰণত তেওঁ দায়িত্ব লোৱাৰ পাছৰ পৰা নিয়মীয়া দৰমহা লাভ কৰি আহিছে আৰু বহু কেইটা আঁচনি গ্ৰহণ কৰা বুলি সভাপতি জনে মন্তব্য কৰে।

No comments