গণ বাৰ্তা ¸ কয়াকুছি ¸ ১৩ ডিচেম্বৰ : সৰুক্ষেত্ৰীৰ যুৱ সমাজকৰ্মী জেহেৰুল ইছলাম খানলৈ আগবঢ়োৱা বিবেকজ্যোতি যুৱ প্ৰতিভা বঁটাৰ বাবে বিভিন্ন ব্য...
গণ বাৰ্তা ¸ কয়াকুছি ¸ ১৩ ডিচেম্বৰ : সৰুক্ষেত্ৰীৰ যুৱ সমাজকৰ্মী জেহেৰুল ইছলাম খানলৈ আগবঢ়োৱা বিবেকজ্যোতি যুৱ প্ৰতিভা বঁটাৰ বাবে বিভিন্ন ব্যক্তি বিশেষ আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে । বৰপেটাৰ জিলাৰ নেউলাৰভিঠাস্থিত কাৰ্যালয়ৰে পৰিচালিত ‘কৃষ্টি পথাৰ সাহিত্য ¸ সামাজিক ¸ সাংস্কৃতি কেন্দ্ৰ’ৰ দ্বিতীয় বছৰৰ কৃষ্টি এৱাৰ্ডচ্-২০২০ ¸ ৬ ডিচেম্বৰ ৰবিবাৰে বৰপেটাৰোড সাহিত্য সভা ভৱনত অনুষ্ঠিত হৈ যায় । উক্ত অনুষ্ঠানত ড০ দয়ানন্দ পাঠকক এইবাৰ ড০ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰাৰ লগতে কৃষ্টি ¸ সৃষ্টি ¸ সাহিত্য ¸ কলা ¸ কবি ¸ যুৱ প্ৰতিভা ¸ সাংবাদিক ¸ ¸কৃতি শিক্ষা গুৰুকে আদি কৰি প্ৰায় পঞ্চাছ গৰাকীকৈ বিশিষ্ট ব্যক্তিক বিভিন্ন ক্ষেত্ৰত অৰিহণা আগবঢ়োৱাৰ বাবে বিভিন্ন বঁটা প্ৰদান কৰে উদ্যোক্তা কৃষ্টি পথাৰে । অনুষ্ঠানত অসম, ত্ৰিপুৰা, পশ্চিমবঙ্গ, কৰ্ণাটক আৰু মুম্বাইৰ সাহিত্য, সাংবাদিকতা, সাংস্কৃতিক তথা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিকসকলক বিভিন্ন বটাঁ প্ৰদান কৰা হয় ।কৃষ্টি পথাৰৰ প্ৰধান সম্পাদক মহানন্দ সৰকাৰ দত্তই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত পৌৰহিত্য কৰে শিক্ষাৰত্ন অক্ষয় কুমাৰ মিশ্ৰই । মাইন’ৰিটি লিটাৰেছি ডেভেলপমেন্ট ফাউণ্ডেচনৰ সভাপতি ¸ কাহিবাৰী গ্লীমচ্ একাডেমীৰ সঞ্চালক ¸ প্ৰেৰণা পুথিভঁৰাল তথা কয়াকুছিৰ সমন্বয় সাহিত্য গোষ্ঠীৰ কাৰ্যবাহী সদস্য জেহেৰুল ইছলাম খানক বিবেকজ্যোতি যুৱ প্ৰতিভা বঁটা প্ৰদান কৰে বৰপেটাৰ সদৰ ডিএছপি মদন কলিতা আৰু সমন্বয় সাহিত্য গোষ্ঠীৰ মুখ্য সম্পাদক ছাহেদ আলী আহমেদে । জেহেৰুল ইছলাম খানে মাইন’ৰিটী লিটাৰেচী ডেভেলপমেন্ট ফাইণ্ডেচনৰ জৰিয়তে পিছপৰা অঞ্চলৰ লগতে দুখীয়া-নিচলা কৃতি শিক্ষাৰ্থীক অসমৰ বাহিৰৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অধীনৰ মেডিকেল কলেজত অধ্যয়ন আৰু বাংলাদেশ আৰু অন্যান্য দেশতো মেডিকেল অধ্যয়নৰ সৈতে অন্যান্য উচ্চ শিক্ষাৰ সুব্যৱস্থা কৰি দি আহিছে আৰু সুনাম অৰ্জন কৰিছে । ড০ বাণীকান্ত কাকতিক স্মৰণেৰে শুভাৰম্ভ কৰা সভাত মহানন্দ সৰকাৰ দত্তই পৰিচালনা কৰে । শিক্ষাৰত্ন অক্ষয় কুমাৰ মিশ্ৰই পৌৰহিত্য কৰা সভাৰ শেষত সফলতাৰে কৃষ্টি এৱাৰ্ডচ্- ২০২০ সম্পন্ন কৰাৰ বাবে অনুষ্ঠানত উপস্থিতি থকা আৰু সহায়, সহযোগিতা আগবঢ়োৱা সকলোলৈ শলাগৰ শৰাই আগবঢ়ায় কৃষ্টি পথাৰৰ অন্যতম শুভাকাংশী ছাহেদ আলী আহমেদে ।
No comments