Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাউলীত কৃষি আইন বাতিলৰ দাবীত যুৱ কংগ্ৰেছৰ জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ

গণবাৰ্তা,হাউলী,৩১ ডিচেম্বৰঃ কলা-কৃষি আইন আৰু সংসদৰ শীতকালীন অধিৱেশন স্থগিত ৰখাৰ দাবীত বৰপেটা জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত বৰপেটা সমষ্টি যুৱ কংগ...


গণবাৰ্তা,হাউলী,৩১ ডিচেম্বৰঃ কলা-কৃষি আইন আৰু সংসদৰ শীতকালীন অধিৱেশন স্থগিত ৰখাৰ দাবীত বৰপেটা জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত বৰপেটা সমষ্টি যুৱ কংগ্ৰেছ আৰু হাউলী মণ্ডল যুৱ কংগ্ৰেছৰ সহযোগত বুধবাৰে সন্ধিয়া ছয় বজাত হাউলী চাৰিআলি চ'কত এক জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে | যুৱ কংগ্ৰেছৰ কৰ্মী সকলে হাতে হাতে জোঁৰ লৈ নৰেন্দ্ৰ মোডী মুৰ্দাবাদ,বিজেপি চৰকাৰ হায় হায় , বিজেপি হাটাওঁ দেশ বাচাওঁ, কলা কৃষি আইন বাতিল কৰক, যুৱ কংগ্ৰেছ জিন্দাবাদ, কংগ্ৰেছ জিন্দাবাদ, কৃষকক প্ৰতৰণা কৰা বন্ধ কৰক, অমিত শ্বাহ মুৰ্দাবাদ, বিজেপি সৈৰাচাৰী শাসন বন্ধ কৰক আদি চৰকাৰ বিৰোধী শ্লোগানেৰে হাউলী নগৰ উত্তাল কৰি তোলে | উক্ত কাৰ্যসূচীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম, সাধাৰণ সম্পাদক হাবিব আহমেদ, বৰপেটা জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তাইজুদ্দিন আহমেদ, জিলা পৰিষদৰ সভানেত্ৰী খানম নাজিমা আহমেদ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘূ কোষৰ সাধাৰণ সম্পাদক কাজী মতিউৰ ৰহমান বৰপেটা ব্লক কিষাণ কংগ্ৰেছৰ সভাপতি ছফিউৰ ৰহমান আৰু প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান সহ প্ৰায় পাঁচ শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশ গ্ৰহন কৰে |

No comments