Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লক্ষীপুৰত দুই অপহৰণ কাৰী আটক: অপহৰণকাৰীৰ বাইক চূৰমাৰ কৰিলে ক্ষুদ্ধ ৰাইজে

মতিউৰ ৰহমান, লক্ষীপুৰ,  ১৬ ডিচেম্বৰ : গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত শিমুলকান্দী গাওঁত আজি পূৱা দূটা কণমানি শিশুক টকা যাঁচি বাইকত উ...


মতিউৰ ৰহমান, লক্ষীপুৰ, ১৬ ডিচেম্বৰ : গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত শিমুলকান্দী গাওঁত আজি পূৱা দূটা কণমানি শিশুক টকা যাঁচি বাইকত উঠাবলৈ চেষ্টা চলাওতেই ৰাইজৰ হাতত ধৰা পৰে দূটা অপহৰণ কাৰী। জনা মতে  বৰপেটা জিলাৰ বৰপেটা থানাৰ অন্তৰ্গত মোৰাবাজ গাওঁৰ আমজাদ আলীৰ পুত্ৰ ছাইফুল ইচলাম আৰু একে অন্চলৰে গোবিন্দপুৰ ৰিজাৰ্ভ গাওঁৰ জুৰাণ আলীৰ পুত্ৰ জহো আলী কিছু দিনৰ পৰা শিমুলকান্দী- জলডোবা অঞ্চলত সন্দেহ জনক ভাবে  ঘুৰাফুৰা কৰিছিল। আজি পুৱা ছাইফুল আৰু জহো আলী অতিমাত্ৰাত  মদ্যপান কৰি শিমুলকান্দী গাওঁত আহে। তাত থকা ৰচিদুল ইচলামৰ ঘৰৰ সন্মুখত খেলি থকা ৰচিদুল ইচলামৰ পাঁচ বছৰীয়া কন্যা হুচনেয়াৰা পাৰবীন আৰু বন্দেছ আলীৰ ছয় বছৰীয়া পুত্ৰ ৰকিবুল হুচেইনক টকা যাচি বাইকত উঠোৱাৰ চেষ্টা চলায়  । কিন্তু শিশু দূটা ভয়তে ঘৰৰ ফালে দৌৰি যাওঁতেই ঘৰৰ ভিতৰত সোমাই হুচনেয়াৰাক বাইক খনৰ ফালে অনাৰ চেষ্টা কৰোঁতেই মাকে আহি ছাইফুল ইচলামক ধৰি চিঞৰ-বাখৰ কৰে। লগে লগে আশে পাশে থকা ৰাইজ একগোট হৈ অপহৰণৰ চেষ্টা চলোৱা ছাইফুল ইচলাম আৰু জহো আলীক উত্তম মাধ্যম সোধায়। লগতে ক্ষুদ্ধ ৰাইজে অপহৰণকাৰীয়ে  ব্যাৱহাৰ কৰা নম্বৰ প্লেট বিহীন পালচাৰ বাইক খন ভাগি চূৰমাৰ কৰে। পিছত লক্ষীপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তিলক চন্দ্ৰ ৰয় ঘটনাস্হলীত  উপস্থিত হৈ পৰিস্হিতি নিয়ন্ত্ৰণ কৰে আৰু শিশু  অপহৰণৰ চেষ্টা চলোৱা যুৱক দুগৰাকীক আটক কৰি থানালৈ আনে। ঘটনাটোৱে লক্ষীপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

No comments