Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰক্ষেত্ৰীৰ কাপলাবড়ীত বিশ্ব এইডছ দিৱস পালন

গণবাৰ্তা, ৰামপুৰ, ২ ডিচেম্বৰতঃ   সম্প্ৰতি এইডছ আই ভিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বেমাৰ বিধৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে নলবাৰী জিলাৰ ক...

গণবাৰ্তা, ৰামপুৰ, ২ ডিচেম্বৰতঃ  সম্প্ৰতি এইডছ আই ভিৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বেমাৰ বিধৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে নলবাৰী জিলাৰ কাপলাবড়ীত মঙলবাৰে এইডচ দিৱস পালন কৰা হয়নলবাৰী জিলাৰ অন্যতম সামাজিক অনুষ্ঠান আলহিলাল ডেভেলপমেণ্ট ছোচাইটীৰ উদ্যোগত কাপলাবড়ীৰ কমুনিটি হলত পুৱা ১০-৩০ বজাৰ পৰা অনুষ্ঠিত উক্ত অনুষ্ঠানত পৌৰহিত্য কৰে কিছমত আলী আহমেদে৷ স্থানীয় বৰক্ষেত্ৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা আনোৱাৰ হুছেইনে বন্তি প্ৰজ্জ্বলন কৰি শুভাৰম্ভ কৰা  এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সমল বক্তা হিচাপে উপস্থিত থাকে মুকালমুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড সম্প্ৰসাৰণ প্ৰশিক্ষক আব্দুল গফুৰ, এএচআৰএলএম ছি আৰ পি হেলেনা বেগম, অধিবক্তা খাইৰুল ইছলাম আৰু এএচআৰএলএম ছি আৰ পি সংগিতা হালৈয়ে

সভাত এইডছ আই ভিৰ ভয়াবহতা, সজাগতা আৰু প্ৰতিকাৰ সম্পৰ্কে দিয়া ভাষণ প্ৰসংগত মুকালমুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড সম্প্ৰসাৰণ প্ৰশিক্ষক আব্দুল গফুৰে কয় যে-  এইডছ আই ভি পজিটিব ৰোগিসকলক আমি ঘৃণাৰ দৃষ্টিৰে চাব নালাগেতেওঁলোকৰ লগত সাধাৰণ উঠাবহা কৰিলেই আমাৰ শৰীৰলৈ এইডছৰ বিজাণু নিবিয়পে৷ এইডছ আই ভি গোৰীয়ে ৰক্তদান নাইবা মুক্ত যৌন সম্পৰ্ক কৰিলে তাৰপৰা এইডছৰ বিজাণু বিয়পে৷ গতিকে এনেবোৰ ক্ষেত্ৰত আমি সজাগ হোৱা উচিত৷ ৰোগী এজন এইডছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পিছতো অনেক বছৰলৈ স্বাভাৱিক জীৱন-যাপন কৰিব পাৰেঅনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ছাহজাহান আলীয়ে

No comments