Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাজনৈতিক মেৰপাকত হেৰাই যাব নেকি ,দেশৰ প্ৰথমখন সমবায় বিশ্ববিদ্যালয় ; শংকিত শিৱসাগৰবাসী

  গণ বাৰ্তা, জয়সাগৰ, ১৬  ডিচেম্বৰ :: ৰাজ্যৰ সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত শিৱসাগৰত আধাৰশিলা স্থা...

 


গণ বাৰ্তা, জয়সাগৰ, ১৬  ডিচেম্বৰ :: ৰাজ্যৰ সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত শিৱসাগৰত আধাৰশিলা স্থাপন কৰিছিল দেশৰ প্ৰথমখন সমবায় বিশ্ববিদ্যালয়ৰ। প্ৰায় ২৫০ বিঘা ভূমি অধিগ্ৰহণেৰে ঐতিহাসিক জয়সাগৰৰ ডিমৌ পথাৰত ২০১০ চনত আধাৰশিলা স্থাপন কৰা সমবায় বিশ্ববিদ্যালয়খন এটা দশকৰ পাছতো কোনো এখন চৰকাৰে এক শতাংশ কামো আৰম্ভ নকৰাত শংকিত হৈ পৰিছে শিৱসাগৰবাসী। এইক্ষেত্ৰত অতি শীঘ্ৰে নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে বুলি জিলাখনত ব্যাপক দাবী উত্থাপন হৈছে যদিও বিজেপি নেতৃত্বাধীন চৰকাৰে নিৰ্মাণৰ নামত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উঠিছে। চৰকাৰখনে নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাৰ ফলত বিগত ২০১২ চনৰ পৰা ভাৰাঘৰতে পাঠদান চলাই যাবলৈ বাধ্য হৈছে কৰ্তৃপক্ষই। বিভাগীয় সূত্ৰে জানিব পৰা মতে বৰ্তমান বিশ্ববিদ্যালয়খনত বিবিএ, এমচিএ, এমকম, পিএইচডিৰ পাঠ্যক্ৰমত মুঠ ৭০ জন শিক্ষাৰ্থী আছে। বিশ্ববিদ্যালয়খনত ফেকাল্টিকে ধৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মুঠ ২৯ গৰাকী কৰ্মচাৰী কৰ্মৰত হৈ আছে। ইফালে পাঠদানৰ লগতে শিক্ষাৰ্থীসকলৰ হোষ্টেলৰ বাবেও আছে ভাড়াঘৰ। প্ৰতিমাহে বিশ্ববিদ্যালয়ৰ সকলো দিশ পৰিচালনাৰ বাবে প্ৰয়োজন হয় ১৫-২০ লাখ টকা। এইক্ষেত্ৰত বিশ্ববিদ্যালয়খন পৰিচালনা কৰিবৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে কৰ্তৃপক্ষ। ইফিলে সুদীৰ্ঘ এটা দশক ধৰি বিশ্ববিদ্যালয়খন নিৰ্মাণৰ ক্ষেত্ৰত তিলমানো গুৰুত্ব আৰোপ নকৰাৰ বাবে জিলাখনৰ কেইবাটাও জাতি-জনগোষ্ঠীয় সংগঠনে ক্ষোভ প্ৰকাশ কৰিছে। ঐক্য সেনা, অসমৰ কেন্দ্ৰীয় সম্পাদক ফৰিদ ইছলাম হাজৰিকাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এইয়া অতি দুৰ্ভাগ্যজনক। এইয়া শিৱসাগৰবাসী তথা শিক্ষাৰ্থী সমাজৰ প্ৰতি চৰকাৰে কৰা এক চৰম বঞ্চনা। এই বিশ্ববিদ্যালয়খন কংগ্ৰেছ দিনত নিৰ্মাণ নহল, কিন্তু ৰাইজে বিজেপি চৰকাৰৰ পৰা আশা কৰিছিল। এইক্ষেত্ৰত সংগঠনতোৱে চৰকাৰক অতি শীঘ্ৰে নিৰ্মাণৰ কাম আৰম্ভ নকৰিলে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বুলি বাধ্য হব বুলি সকীয়নী  দিছে। অন্যহাতে বিশ্ববিদ্যালয়খনত শিৱসাগৰৰ ঐতিহ্য প্ৰতিফলন হোৱাকৈ নিৰ্মাণৰ প্ৰাক কলন প্ৰস্তুতিৰ ব্যৱস্থা কৰা হৈছিল। য'ত ১৮টা ব্লক নিৰ্মাণ হব ঐতিহাসিক কাৰেংঘৰৰ আৰ্হিত। সভাগৃহ, পুথিভঁৰাল, অতিথিশালাকে আদি কৰি সাতটা ব্লক ৰংঘৰৰ আৰ্হিত নিৰ্মাণ কৰাৰ পৰিকল্পনা আছিল। কিন্তু অতি পৰিতাপৰ কথা যে ২০১৩-২০১৪ বৰ্ষত প্ৰায় ২২লাখ টকাৰে অধিগ্ৰহণ কৰা মাটিৰ চাৰিওফালে পকী খুঁটা আৰু সৰু সুৰা ৰাস্তা নিৰ্মাণ কৰাৰ পাছত ২০১৯-২০ বৰ্ষত ৬২ লাখ টকাৰে ২টা ডাঙৰ আৰু ২টা সৰু পুখুৰী খান্দিয়েই পেলাই থৈছে। এতিয়া শিৱসাগৰৰ সাধাৰণ ৰাইজৰ মাজত থকা আটাইতকৈ ডাঙৰ প্ৰশ্নটো হল ৰাজনৈতিক মেৰপেচত সুমাই বিলুপ্ত হব নেকি দেশৰ সমবায় বিশ্ববিদ্যালয়খনৰ! আগন্তক দিনত এইক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে লক্ষ্যনীয় হব।

No comments