Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পাভৈত বিদ্যালয় চৌহদবেৰ নিৰ্মাণৰ আধাৰশিলা

গণবাৰ্তা, পাভৈ,১২ডিছেম্বৰ:- বৃহত্তৰ পাভৈ অঞ্চলৰ অতিকৈ পুৰণি পাভৈ প্ৰাথমিক বিদ্যালয়ৰ চৌহদবেৰ নিৰ্মাণৰ আধাৰশিলা আজি স্থানীয় বিধায়ক প্ৰমোদ বৰঠা...


গণবাৰ্তা, পাভৈ,১২ডিছেম্বৰ:- বৃহত্তৰ পাভৈ অঞ্চলৰ অতিকৈ পুৰণি পাভৈ প্ৰাথমিক বিদ্যালয়ৰ চৌহদবেৰ নিৰ্মাণৰ আধাৰশিলা আজি স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে স্থাপন কৰে। ২.৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া চৌহদবেৰৰ প্ৰথম কিস্তী হিচাপে  এক লাখ সাতত্ৰিশ হাজাৰ টকা মুকলি দিয়ে। বিধায়ক পূঁজিৰ দ্বাৰা নিৰ্মাণ হবলগীয়া চৌহদবেৰে বিদ্যালয়খনৰ সুৰক্ষাৰ লগতে সৌন্দৰ্য গঢ়ি তোলাত অধিক সহায়ক হ'ব বুলি বিধায়ক বৰঠাকুৰে মন্তব্য কৰে। বিশ্বনাথ মহকুমাৰ ভাৰপ্ৰাপ্ত বিদ্যালয় সমূহৰ উপপৰিদৰ্শক তথা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া  কৰুণাকান্ত ভট্ট উপস্থিত থাকে। আনহাতে আজিৰ এই শুভক্ষনত পাভৈ গাওঁ সংগঠনৰ সভাপতি ৰসেশ্বৰ খাউণ্ড, বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি পুলিন মোৰা, অৱসৰি শিক্ষকদ্বয় পদুম বাঢ়ৈ আৰু কেশৱ হাজৰিকা উপস্থিত থকাৰ উপৰিও বিশিষ্ট সমাজ সেৱক সৰুৰাম বৰা বাপ, নামঘৰীয়া বাপ পুনাৰাম বৰা, ৱাৰ্ড সদস্যা পিংকি কটকী ,ৰাজু খাউণ্ডৰ লগতে বহু গন্যমান্য ব্যক্তি উপস্থিত থাকে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক দিলিপ পৌৰেল শিক্ষক নিৰঞ্জন হাজৰিকাৰ লগতে ৰঙামুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰেখা হাজৰিকা সভাত আধাৰশিলা স্থাপনৰ বাবে আয়োজিত সভাত উপস্থিত থাকে।

No comments