হোজাই, ১৫ ডিচেম্বৰ: এখন সুন্দৰ সমৃদ্ধশালী সমাজ গঢ়িবৰ বাবে মহিলা সকলৰ সমাজ জীৱনৰ বিভিন্ন ইতিবাচক কাৰ্যসূচীত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ একান্ত...
হোজাই, ১৫ ডিচেম্বৰ: এখন সুন্দৰ সমৃদ্ধশালী সমাজ গঢ়িবৰ বাবে মহিলা সকলৰ সমাজ জীৱনৰ বিভিন্ন ইতিবাচক কাৰ্যসূচীত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ একান্ত প্ৰয়োজন। অতীজৰে পৰাই মহিলা সকলৰ আত্ম সুৰক্ষাৰ বিষয়টোক প্ৰাধান্য দিয়া হৈছিল যদিও সাম্প্ৰতিক সময়ৰ পৰিৱেশ আৰু পৰিস্থিতিয়ে 'আত্ম সুৰক্ষাৰ শিক্ষা'ৰ তাৎপয্য আৰু গুৰুত্ব আৰ অধিকতৰ বঢ়াইছে। ভাৰত স্কাউড আৰু গাইডৰ আৰ.টি.ইউ.শাখাৰ উদ্যোগত আৰু Goju-Ryu Karate -Do Martial Art নামৰ সংস্হাৰ যুটীয়া প্ৰচেষ্টাত হোজাইস্থিত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত যোৱা এঘাৰ ডিচেম্বৰৰ পৰা ছাত্ৰীসকলক আত্ম সুৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ কাৰাটেৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষক তথা ৰেফাৰী চেনপেই দেবু দত্ত মজুমদাৰৰ তত্বাৱধানত আৰম্ভ কৰা হৈছে । অহা 17 ডিচেম্বৰত সমাপ্ত হব লগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত বিভিন্ন বিভাগৰ 75 জনী ছাত্ৰীয়ে প্ৰতিদিন আবেলি 3 বজাৰ পৰা 5 বজালৈ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰে আৰু অন্তিম দিনৰ অন্তত উক্ত বিষয়ৰ কৃতী ছাত্ৰী সকলক মানপত্র আৰু প্ৰশিক্ষকৰ ফালৰ পৰা বিশেষ বঁটা প্ৰদান কৰা হব বুলি বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক তথা ৰ'বাৰ ড৹ অভিজিত কঠকী দেৱে জানিবলৈ দিয়ে ৷ শিক্ষক গোটৰ সহসম্পাদক ড৹ নজৰুল ইছলামে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিয়ে ৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ড৹ অমলেনদু চক্রৱৰ্তীদেৱে উক্ত শিবিৰৰ শুভ উদ্বোধনী কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে বিষয়টোৰ ওপৰত আলোকপাত কৰে বিশ্ববিদ্যালয়ৰ জেষ্ঠ অধ্যাপক তথা কাৰ্যকৰী পঞ্জীয়কে। এনেধৰণৰ নিৰ্দিষ্ট কিছুমান বিষয়ৰ চাৰ্টিফিকেট আৰু ডিপ্লমা পাঠ্যক্ৰমৰ আৰম্ভণি কৰিলে ছাত্ৰ- ছাত্ৰী আৰু অধিক উপকৃত হ'ব বুলি শিবিৰৰ দায়িত্বত থকা অধ্যাপক আৰু বিষয়াসকলে তেওঁলোকৰ ভাষণতপ্ৰকাশ কৰে।
No comments