ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১৭ ডিচেম্বৰ: প্ৰধান মন্ত্ৰী স্বনিধি (Prime Minister Street Vendor Atma Nirvar) আঁচনিৰ অন্তৰ্গত পথৰ কাষত দোকান থকা লোক...
ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১৭ ডিচেম্বৰ: প্ৰধান মন্ত্ৰী স্বনিধি (Prime Minister Street Vendor Atma Nirvar) আঁচনিৰ অন্তৰ্গত পথৰ কাষত দোকান থকা লোকসকলৰ জীৱিকাৰ সহায়ৰ অৰ্থে ৰাজসাহাৰ্যযুক্ত ঋণ প্ৰদানৰ এক অনুষ্ঠান বৃহস্পতিবাৰে মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় । ৰাষ্ট্ৰীয় নগৰীয় জীৱিকা অভিযানৰ উদ্যোগত আৰু মঙলদৈ পৌৰসভাৰ কাৰ্যবাহী বিষয়া কমলজিৎ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানত মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসৰ উপৰি ষ্টেট বেংক, মঙলদৈ শাখাৰ মুখ্য প্ৰৱন্ধক , এল ডি এম, জিলাৰ নগৰ আৰু গাঁও পৰিকল্পনাৰ উপসঞ্চালককে ধৰি বহু বিশিষ্ট ব্যক্তি আৰু আত্মসহায়ক গোট উপস্থিত থাকে। সভাত ভাষণ প্ৰদান কৰি বিধায়ক গুৰুজ্যোতি দাসে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে তৃণমূল পৰ্যায়ৰ পৰা সকলোলোকৰে কল্যাণ সাধন কৰি এখন আধুনিক ৰাষ্ট্ৰ গঢ়াৰ অৰ্থে ৰাস্তাৰ কাষত দোকান দিয়া লোকসকলকো ঋণ প্ৰদানৰ এই আঁচনি গ্ৰহণ কৰিছে । মঙলদৈ শাখাৰ ষ্টেট বেংকৰ মুখ্য প্ৰবন্ধক উত্তম চন্দ্ৰ কলিতাই সভাত হিতাধিকাৰীসকলক নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি পৰৱৰ্তী পৰ্যায়ত নিজকে অধিক ঋণ পাবৰ বাবে উপযুক্ত কৰিবলৈ অনুৰোধ জনায় । উল্লেখযোগ্য যে ষ্টেট বেংকৰ পৰা যোগান ধৰিবলগীয়া এই আঁচনিত হিতাধিকাৰীসকলক ৯ শতাংশ সুদত দহ হাজাৰ টকাকৈ ঋণ প্ৰদান কৰা হ'ব যদিও সুদৰ ৭ শতাংশই বহণ কৰিব চৰকাৰে ।
No comments