Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আজমল- ৱাইচি বিজেপিৰ এজেণ্ট-জগদীশ ভূঞা, যমুনামুখৰ মোৰাঝাৰত এজেপিৰ বৃহৎ সভা

  ছাদিকুজ জামান, মোৰাঝাৰ, ৫ ডিচেম্বৰ ঃ আমি অসমীয়া, আমি হিন্দু নহয়, আমি মুছলমান নহয়। বদৰুদ্দিন আজমল আৰু আছাদুদ্দিন ওৱেইছী বিজেপিৰ এজেণ্ট, তেখ...

 

ছাদিকুজ জামান, মোৰাঝাৰ, ৫ ডিচেম্বৰ ঃ আমি অসমীয়া, আমি হিন্দু নহয়, আমি মুছলমান নহয়। বদৰুদ্দিন আজমল আৰু আছাদুদ্দিন ওৱেইছী বিজেপিৰ এজেণ্ট, তেখেতসকলৰ ব্যৱসায় কৰিবৰ বাবে বিজেপিক জিকাই আনে। —এনেদৰে এজেপিৰ মুখ্য আহবায়ক জগদীশ ভূঞাই যমুনামুখৰ মোৰাঝাৰত মন্তব্য কৰে। এটি সমৱেত সংগীতেৰে শুভাৰম্ভ কৰা সভাত প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ আত্মাৰ সদ্‌গতি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়। সভাত সভাপতিত্ব কৰে হোজাই জিলা আহবায়ক বেণী মাধৱ ঘোষে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে লুতফুৰ ৰহমানে। আজি হোজাইৰ যমুনামুখ সমষ্টিৰ মোৰাঝাৰত অসম জাতীয় পৰিষদৰ বিশাল যোগদান সমাৰোহ হৈ যায়। যোৱা ২৮ অক্টোবৰত যমুনামুখৰ নীলবাগানত হৈছিল জাতীয় পৰিষদৰ প্ৰথমখন যোগদান সমাৰোহ। সেইদিনা গঠন কৰা হৈছিল দলৰ হোজাই জিলা আহ্বায়ক সমিতি। 

তাৰ পাছত আজি মোৰাঝাৰত কে’বা সহস্ৰাধিক লোকে  জাতীয় পৰিষদত যোগদান কৰে। সভাত নিমন্ত্ৰিত অতিথি হিচাপে মুখ্য সমন্বয়ক জগদীশ ভূঞা, মুখপাত্ৰ জিয়াউৰ ৰহমান আৰু সহঃ তত্ত্বাৱধায়ক অভিজিত কমল ভূঞা, জিলা আহবায়ক মৌচুমী শৰ্মা, লুতফুৰ ৰহমান, আব্দুল হাচিব, ৰাজীৱ ভট্টাচাৰ্য  উপস্থিত থাকি ভাষণ প্ৰদান কৰে। লগতে জাতীয় যুৱ শক্তিৰ ৰাজ্যিক আহবায়ক মিনহাজ আহমেদ, হানিফ মোহাম্মদ লস্কৰ, জিলা যুৱ শক্তিৰ আহবায়ক মুকিবুজ জামান, বদৰুল ইছলামকে ধৰি ভালেমান নেতা-কৰ্মী উপস্থিত থাকে। সভাত ভূঞাই এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰি সকলো ৰাইজক দিছপুৰে শুনাকৈ অসমীয়া হিচাপে জীয়াই থাকিবলৈ সংকল্প লোৱাৰ আহবান জনায়। জাতীয়তাবাদী চিন্তাৰে শংকৰ-আজানৰ দেশত বায়ু-পানীৰ লগতে অসমীয়া হিচাপে বসবাস কৰিবলৈ কয়। 

ইপিনে দলৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে কয়- আজমলৰ দুৰ্গ বুলি কোৱা হয় যমুনামুখ, খহি গ’ল দুৰ্গ। ৰাইজে আজমলৰ পুত্ৰক খেদিছে । তাৰমানে তীব্ৰ গৰাখহনীয়াই দেখা দিছে এআইইউডিএফত। ইপিনে তেওঁ সাংবাদিকৰ মুখামুখি হৈ কয়- অগৰু ব্যৱসায়ীৰ বাবে আমি নতুন পলিচী আনিম। ৰাইজৰ বাবে ভাল খবৰ। আমি মন্ত্ৰী-বিধায়ক হ’বলৈ অহা নাই। এনেদৰে তেওঁ মন্তব্য কৰে। ২০০৬ চনৰ পৰা যমুনামুখ ধাৰাবাহিকভাৱে আজমল পৰিয়ালৰ দখলত আছে। বৰ্তমানে যমুনামুখৰ বিধায়ক আজমলৰ দ্বিতীয় পুত্ৰ আব্দুৰ ৰহিম আজমল। যোৱা পাঁচ বছৰত বিধায়কজন মাত্ৰ ৫ বাৰমানহে আহিছে সমষ্টিলৈ। ফলত ৰাইজ ভীষণ ক্ষুব্ধ হৈ বিভিন্ন দলৰ পৰা আহি পাঁচ সহস্ৰাধিক লোকে এজেপিত যোগদান কৰে। সভাৰ শেষত জাতীয় যুৱ শক্তিৰ যমুনামুখ সমষ্টি সমিতি গঠন কৰা হয়।

No comments