Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গৰিয়া মৰিয়া দেশী লোকক কৰা প্ৰতাৰণাৰ বাবে ২১ ৰ নিৰ্বাচনত বিজেপি চৰকাৰক ওফোৰাই দিয়া হব: আজিজুল ৰহমান।

  আজিজুল হক, ভেল্লা , ৩১ ডিচেম্বৰঃ   "মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া গৰিয়া, মৰিয়া, দেশী উন্নয়ন পৰিষদ গঠনৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰ...

 


আজিজুল হক, ভেল্লা , ৩১ ডিচেম্বৰঃ  "মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়া গৰিয়া, মৰিয়া, দেশী উন্নয়ন পৰিষদ গঠনৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হৈছে। এই জনগোষ্ঠীৰ লোকৰ উন্নয়নৰ বাবে বিধানসভা অধিবেশনত ধাৰ্য্য কৰা ১০০ কৌটি টকাৰ এটকাও বাস্তৱত নাপালে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে অহৰ্নিশে যুঁজা অসমৰ অন্যতম শক্তিশালী খিলঞ্জীয়া লোক গৰিয়া মৰিয়া দেশীসকলে। কংগ্ৰেছৰ দৰে বিজেপিও ৰামগঠোন দি আহিছে এইসকল জনগোষ্ঠীৰ লোকক। এই প্ৰতাৰণাৰ বাবে বিজেপি চৰকাৰক ২০২১ ৰ নিৰ্বাচনত ক্ষমতাচ্যুত কৰা হব"- বৰপেটাৰ ভেল্লাত কালি এইদৰে ক্ষোভ প্ৰকাশ কৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা উপদেষ্টা আজিজুল ৰহমানে। জিলা বাৰ্ষিক অধিৱেশন সন্দৰ্ভত আজি বৰপেটাৰ ভেল্লাৰ বাণীকান্ত কাকতি শাখা সাহিত্য সভা কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন সাধাৰণ সভাত তেওঁ এইদৰে কৈ পুনৰ কয় যে অসমৰ ৬০ টা বিধান সভা সমষ্টিত নিৰ্ণায়ক ভূমিকা লৈ আহিছে গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ লোকে। তৎস্বত্তেও এই লোকসকলক কোনো এটি ৰাজনৈতিক দলে গুৰুত্ব দিয়া নাই। আজিলৈকে আৰ্থ-সামাজিক সুকীয়া জৰীপৰ ব্যৱস্থা নকৰিলে বিজেপি চৰকাৰে। যাৰ ফলত উন্নয়নৰ পৰা বঞ্চিত হব লগা হৈছে এই জনগোষ্ঠী কেইটাৰ লোকসকলে। ভেল্লাৰ সক্ৰিয় সাংবাদিক আজিজুল হকৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিষদৰ ভেল্লা আঞ্চলিক সমিতিৰ সভাপতি চাজিদুৰ ৰহমানে । এই সভাতে পৰিষদৰ জিলা অধিবেশনখন ২০২১ বৰ্ষৰ ২৩ আৰু ২৪ জানুৱাৰীত ভেল্লাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই উপলক্ষে এখন নেকিবুৰ ৰহমানক সভাপতি আৰু চাজিদুৰ ৰহমান আৰু আজিজ আহমেদক যুটীয়া সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া সদস্যৰে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হয়। সভাত ভেল্লা অঞ্চলৰ সামাজিক কৰ্মকৰ্তা ছমছেৰ আলী, আনোৱাৰ হুচেইন, নুৰ ইছলাম (মিনা), আছুৰ ৰিদুল আলী, ভেল্লা অঞ্চলৰ কেইবাগৰাকী সাংবাদিকসকল, বৰনগৰ , নগাওঁ, চেঙা, গহেৰপামকে ধৰি জিলাখনৰ কেইবাখনো আঞ্চলিক সমিতিৰ বিষয়া ববীয়াসকলে উপস্থিত থাকি বক্তব্য দাঙি ধৰে। উল্লেখযোগ্য যে জিলা অধিৱেশনৰ অনুষ্ঠিত কৰা সন্দৰ্ভত মুঠেই অবগত নহয় পৰিষদৰ জিলা সমিতিৰ বিষয়া ববীয়াসকল।সেয়েহে অধিবেশনৰ এনে ধৰণৰ প্ৰস্তুতিত অসন্তোষ প্ৰকাশ কৰিছে পৰিষদৰ জিলা সমিতিৰ বিষয়া ববীয়াসকলে । সমিতিৰ সভাপতি, সম্পাদক তথা অন্যান্য বিষয়া ববীয়াক অৱগতকৰণ নকৰাকৈ কেনেকৈ কি উদ্দেশ্য ভিত্তিত আৰু কাৰ তত্বাৱধানত জিলা অধিবেশনখন অনুষ্ঠিত কৰাৰ পোষকতা কৰিছে বুলি প্ৰশ্ন উত্থাপন হৈছে।

No comments