ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ১৬ ডিচেম্বৰ : নগাঁও মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মূৰব্বী অধ্যাপক ড: চিৰাজুল ইছলামে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। তদু...
ষ্টাফ ৰিপ'ৰ্টাৰ, নগাঁও, ১৬ ডিচেম্বৰ : নগাঁও মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মূৰব্বী অধ্যাপক ড: চিৰাজুল ইছলামে ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে। তদুপলক্ষে মহাবিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ উদ্যোগত কালি এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ড: ৰঞ্জন ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদ্য অৱসৰী অধ্যাপক ছিৰাজূল ইছলামক শৰাই, গামোচা, জাপি, বস্ত্ৰ, ফুলৰ থোৰা আৰু সম্বৰ্দ্ধনা পত্ৰৰে সম্ভাষণ জনোৱা হয়। সম্বৰ্ধনা গ্ৰহণ কৰি অধ্যাপক ডঃ ইছলামে অতি আবেগিক ভাবে মহাবিদ্যালয়খনত অধ্যাপক হিচাপে যোগদান কৰা প্ৰথমটো দিনৰ কথা সোৱৰণ কৰি কয়, "তেতিয়া মোৰ পিতৃ-মাতৃয়ে উক্ত পদত যোগদান কৰাৰ পক্ষপাতি নাছিল। তৎস্বত্তেই শিক্ষাৰ জৰিয়তে ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত জৰিত হৈ শিক্ষক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ তেওঁৰ সিদ্ধান্তত অটল আছিল।
মহাবিদ্যালয়খনৰ অধ্যাপিকা শিৰোমণি হাজৰিকা, প্ৰাক্তন ছাত্ৰ ভৱজোতি নাথ, নুৰ আহমদ বৰভূঞা, নাচিহুৰ ৰহমানৰ লগতে বুৰঞ্জী বিভাগৰ সকলো ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত বিদায় সভাখন অনুষ্ঠিত হয়। সভাত বিভাগটোৰ বৰ্তমানৰ মূৰব্বী অধ্যাপক ড: ৰামপ্ৰসাদ পৌৰেলে কয় যে অধ্যাপক ইছলামৰ অনুপস্থিতিয়ে নগাঁও মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগলৈ গভীৰ শূন্যতা বিৰাজ কৰিব যদিও এয়া সময়ৰ আহ্বান। বিগত সময়চোৱাত বুৰঞ্জী বিভাগৰ প্ৰতি ইছলামে দি থৈ যোৱা সেৱা আৰু দিহা পৰামৰ্শ সদায় পাথেয় হৈ ৰ'ব বুলিও তেওঁ মন্তব্য কৰে। তদুপৰি, কেবাগৰাকী প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থীয়ে অৱসৰী অধ্যাপক ইছলামক সম্বৰ্ধনা দি স্মৃতি ৰোমন্থন কৰে। উক্ত অনুষ্ঠানত মহাবিদ্যালয়খনৰ জ্যেষ্ঠ অধ্যাপক নৱকুমাৰ মহন্ত, দীপা নেওগ, ড: কৃষ্ণ মেধি, লীৰা নেওগ, বন্তি নেওগে আদি উপস্থিত থাকে।
No comments