Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সদ্য ঘোষিত ২০১৮ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ চুড়ান্ত পৰীক্ষাত ৪২ তম স্হান দখল কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনিলে সুনম দাসে

গণবাৰ্তা বিশেষ শিৱসাগৰ: সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ চুড়ান্ত পৰীক্ষাত ৪২ তম স্থান লাভ কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনে মেধাৱী ছাত্ৰী সুনম দাস...


গণবাৰ্তা বিশেষ শিৱসাগৰ: সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ চুড়ান্ত পৰীক্ষাত ৪২ তম স্থান লাভ কৰি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনে মেধাৱী ছাত্ৰী সুনম দাসে । শিৱসাগৰ চহৰৰ থানামুখ পুৰণা চক বজাৰ পথৰ ৰামচন্দ্ৰ দাস আৰু অনিমা দাসৰ কন্যা সুনম দাসৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে সুনমৰ পৰিয়ালৰ লগতে শিৱসাগৰবাসী । উল্লেখ্য যে, ২০১৪ বৰ্ষত ঐতিহ্য মণ্ডিত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা সুনমে গুৱাহাটী আই আই টি'ৰ পৰা Development Studies ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছতে অসম লোকসেৱা আয়োগৰ পৰীক্ষা দিয়াৰ পৰিকল্পনা কৰে ।   ২০১৮ বৰ্ষৰ অসম লোকসেৱা আয়োগৰ পৰীক্ষাত দ্বিতীয় বাৰৰ বাবে অৱতীৰ্ণ হৈ ৰাজ্যৰ ভিতৰতে ৪২ তম স্হান দখল কৰিবলৈ সক্ষম হয় মেধাৱী ছাত্ৰী সুনম দাসে । সূনম দাসৰ এই কৃতিত্বত উৎফুল্লিত শিৱসাগৰবাসী ৰাইজ । আজি সূনম দাসৰ বাসগৃহত বহু গুণমুগ্ধ আৰু জাতীয় সংগঠনৰ প্ৰতিনিধিয়ে উপস্হিত হৈ তেওঁক বিপূলভাৱে আদৰণি জনায় ।

No comments