Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দুমুনিচকী দৰং দুৱাৰ ক্লাৱত ৰক্তদান শিবিৰ সম্পন্ন

আতিকুৰ ৰহমান, দুমুনিচকী, ২৬ ডিচেম্বৰ :   দুমুনিচকী দৰংদুৱাৰ ক্লাৱৰ উদ্যোগত জিলা স্বাস্থ্য বিভাগৰ সহযোগত আজি ক্লাৱৰ পেক্ষাগৃহত ৰক্তদান শিবিৰ ...


আতিকুৰ ৰহমান, দুমুনিচকী, ২৬ ডিচেম্বৰ :  দুমুনিচকী দৰংদুৱাৰ ক্লাৱৰ উদ্যোগত জিলা স্বাস্থ্য বিভাগৰ সহযোগত আজি ক্লাৱৰ পেক্ষাগৃহত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। শিবিৰটোত প্ৰায় ২০ ৰো অধিক লোকে স্বেচ্ছাই ৰক্তদান কৰে। বিশেষকৈ কোভিডৰ সময়ছোৱাত ৰোগীসকলে ৰক্তৰ অভাৱত যি অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে তাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তাই। উক্ত শিবিৰটো মুকলি কৰে বৰনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তবিবৰ ৰহমানে। মুকলি অনুষ্ঠানত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ দেভিদ আলী, ক্লাৱৰ সভাপতি মমতাজ আলী, সম্পাদক ইমদাদুল আহমেদ (ৰিপন), সমাজকৰ্মী নকুল নাথ, চামচুদ্দিন আহমেদ, প্ৰতিষ্ঠিত ব্যৱসায়ী ৰুবুল আলী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সমাজকৰ্মী দায়েদামুল হক চোধুৰীয়ে সহযোগিতা আগবঢ়োৱা ৰক্তদান শিবিৰটোত বৰনৈ মহাবিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে তেজৰ গ্ৰুপ আৰু তেজ পৰীক্ষা কৰে ।

No comments