Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কৃষক আন্দোলনৰ সমৰ্থনত পদক ওভতাবলৈ যোৱা ৩৫ খেলুৱৈক বাধা আৰক্ষীৰ

নতুন দিল্লী, ৭ ডিচেম্বৰ ঃ তিনি কৃষি আইন বাতিলৰ দাবীৰে দেশৰ কৃষকসকলে ৰাজধানী দিল্লীত যোৱা ১২টা দিন ধৰি আন্দোলন অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকা...

নতুন দিল্লী, ৭ ডিচেম্বৰ ঃ তিনি কৃষি আইন বাতিলৰ দাবীৰে দেশৰ কৃষকসকলে ৰাজধানী দিল্লীত যোৱা ১২টা দিন ধৰি আন্দোলন অব্যাহত ৰাখিছে। কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো সুফল নোপোৱাত কৃষকসকলে তেওঁলোকৰ আন্দোলন অব্যাহত ৰাখিছে। দেশৰ কৃষকসকলৰ এই আন্দোলনৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছে বিৰোধী ৰাজনৈতিক দলসমূহৰ লগতে শিল্পীৰ উপৰি ক্ৰীড়াবিদসকলেও। কৃষি আইনৰ বিৰোধিতাৰে পঞ্জাব, হাৰিয়াণাৰ ক্ৰীড়াবিদসকলে চৰকাৰে তেওঁলোকলৈ আগবঢ়োৱা পদকসমূহ ওভতাবলৈ যায় আজি ৰাষ্ট্ৰপতি ভৱনলৈ। দুবাৰকৈ এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা মল্লযোদ্ধা কৰ্তাৰ সিঙৰ নেতৃত্বত ৩৫জন ক্ৰীড়াবিদে ৰাষ্ট্ৰীয় ক্ৰীড়া পদকসমূহ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰি ওভতাবলৈ যোৱাৰ সময়তে ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হোৱাৰ পূৰ্বে ক্ৰীড়াবিদসকলক বাধা দিয়ে দিল্লী আৰক্ষীয়ে। 

কৰ্তাৰ সিঙে ১৯৮২ত অৰ্জুন বঁটা লাভ কৰাৰ বিপৰীতে ১৯৮৭ত পদ্মশ্ৰী সন্মান লাভ কৰিছিল। তেওঁ কৃষকসকলৰ সমৰ্থনতেই এই পদক ওভতাবলৈ যায় আজি ৰাষ্ট্ৰপতি ভৱনলৈ। ইয়াৰ উপৰি তেওঁৰ নেতৃত্বতে আন ৩৫গৰাকী ক্ৰীড়াবিদে তেওঁলোকৰ ৰাষ্ট্ৰীয় পদকসমূহ লগত লৈ ওভতাবলৈ যায় ৰাষ্ট্ৰপতি ভৱনলৈ। এইসকলৰ ভিতৰত আছিল প্ৰাক্তন হকী খেলুৱৈ গুৰমিল সিং আৰু প্ৰাক্তন মহিলা হকী দলৰ কেপ্টেইন ৰাজবীৰ কৌৰসহ আন বহুজন। গুৰমিল সিঙে ২০১৪ত ধ্যানচাঁদ বঁটা লাভ কৰাৰ বিপৰীতে ৰাজবীৰ কৌৰে ১৯৮৪ চনত অৰ্জুন বঁটা লাভ কৰিছিল। ১৯৭৮ আৰু ১৯৮৬ত এছিয়ান গেম্‌ছত স্বৰ্ণপদক অৰ্জন কৰা কৰ্তাৰ সিঙে কয় যে তেওঁলোক কৃষক আন্দোলনৰ সমৰ্থনত আছে। চৰকাৰে তিনি কৃষি আইন বাতিল কৰিব লাগে। কৃষকসকলে এই শীতকালৰ নিশাও ৰাজপথত তিনি কৃষি আইন বাতিলৰ দাবীৰে আন্দোলন অব্যাহত ৰাখিছে। চৰকাৰে ইয়াৰ প্ৰতি দৃষ্টি দিব লাগে আৰু তিনি কৃষি আইন বাতিল কৰিব লাগে।

No comments