Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত আছুৰ অনন্য পদক্ষেপ, বেচৰকাৰী নিয়োগ বিনিময় কেন্দ্ৰ স্থাপন

গণবাৰ্তা বিশেষ, যোৰহাট ১৮ ডিচেম্বৰ : সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই সম্পূৰ্ণ গঠনমূলক আৰু যোগাত্মক দৃষ্টিভংগীৰে ব্যতিক্ৰমী পন্থা অৱলম্বন কৰি থল...


গণবাৰ্তা বিশেষ, যোৰহাট ১৮ ডিচেম্বৰ : সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই সম্পূৰ্ণ গঠনমূলক আৰু যোগাত্মক দৃষ্টিভংগীৰে ব্যতিক্ৰমী পন্থা অৱলম্বন কৰি থলুৱা, অৰ্হতাসম্পন্ন,নিবনুৱা যুৱক-যুৱতীসকল বেচৰকাৰী খণ্ডত এশ শতাংশ সংস্থাপনৰ স্বাৰ্থত আজি নগৰৰ মাজমজিয়াস্থিত হোটেল জনতা পেৰেডাইজৰ কাষত এটা বেচৰকাৰী নিয়োগ বিনিময় কেন্দ্ৰ স্থাপন কৰে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ  কেন্দ্ৰীয় সভাপতি দীপাংক কুমাৰ নাথে শুভ উদ্বোধন কৰা কেন্দ্ৰটিত প্ৰায় দুই শতাধিকতকৈও অধিক ছাত্ৰকৰ্মী উপস্থিত থাকে । গাইডেন্স ইনফৰ্মেশ্যন কাম কঞ্চালটেঞ্চি চেণ্টাৰ আৰু অসম সেনা, যোৰহাট মহানগৰ সমিতিৰ যৌথ সহযোগিতাত স্থাপন হোৱা এই কেন্দ্ৰটিৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতী সকলে ব্যক্তিগত খণ্ডৰ চাকৰিৰ বাবে ইয়াত আবেদন কৰিব পাৰিব । শুভ উদ্বোধনী অনুষ্ঠানৰ পাছতেই অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে । সাধাৰণ সম্পাদক দীপ দত্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত উপস্থিত থাকি উদ্বোধক তথা মুখ্য অতিথি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয় , দুলীয়াজান অধিৱেশনত নিয়োগ বিনিময় কেন্দ্ৰ অসমত স্থাপন হ'ব লাগে বুলি বিষয়টো উত্থাপন হৈছিল আৰু ইয়াৰ পাছতেই অধিৱেশন হোৱাৰ এক মাহ নৌহওঁতেই তাৎক্ষণিকভাবে সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী অংগ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই ক্ষিপ্ৰতাৰে অনন্য আৰু ব্যতিক্ৰমী প্ৰচেষ্টাৰে নিবনুৱা সকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এই কেন্দ্ৰ স্থাপন কৰাত আমি যথেষ্ট গৌৰৱবোধ কৰিছোঁ । এই কেন্দ্ৰটোৰ যোগেদি আহিবলগীয়া দিনত থলুৱা নিবনুৱা যুৱক-যুৱতীসকলক বহু পৰিমাণে উপকৃত হ'ব বুলি আমি আশা কৰোঁ । ভৱিষ্যতৰ দিনত ছাত্ৰ সন্থাই উজনি অসমৰ ডিব্ৰুগড় জিলা , তিনিচুকীয়া জিলা , শিৱসাগৰ জিলা আৰু কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগতো এনে পদক্ষেপ হাতত ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ । গাইডেন্স ইনফৰ্মেশ্যন কাম কঞ্চালটেঞ্চি চেণ্টাৰৰ সঞ্চালক দীপক চন্দ্ৰ বৰাই কয়, অসমত যোগ্য আৰু অৰ্হতাসম্পন্ন নিবনুৱাৰ অভাৱ নাই । কিন্তু দেখিলে দুখ লাগে , ব্যক্তিগত খণ্ডৰ ব্যৱসায়িক প্ৰতিষ্ঠান তথা বহুজাতিক প্ৰতিষ্ঠান সমূহত নিম্ন পৰ্যায়ৰ পদবোৰত যদিও থলুৱা যুৱক-যুৱতী সকল কৰ্মৰত হৈ আছে,কিন্তু উচ্চ পৰ্যায়ৰ পদবোৰত সদায় বহিৰাগত লোকসকলকহে অগ্ৰাধিকাৰ প্ৰদান কৰা দেখিবলৈ পাইছোঁ । গতিকে এই কেন্দ্ৰটোৰ জৰিয়তে আমি ব্যৱসায়িক প্ৰতিষ্ঠান তথা বহুজাতিক কোম্পানী ইত্যাদিৰ লগত চুক্তিবদ্ধ হৈ সেই প্ৰতিষ্ঠানসমূহত খালী হোৱা পদসমূহ আমাৰ এই বিনিময় কেন্দ্ৰৰ যোগেদি পূৰণ কৰাৰ পদক্ষেপ পৰৱৰ্তী সময়ত গ্ৰহণ কৰা হ'ব । বৰাই লগতে কয় , যদিও আমি সদায় ১০০ শতাংশ থলুৱা নিযুক্তিৰ বাবে কাম কৰি যাম কিন্তু অৰ্হতা বা যোগ্যতাৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নহ'ব । সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ড , ধৰ্মেশ্বৰ দাস , জয়ন্ত কুমাৰ ভট্টাচাৰ্য , উৎপল শৰ্মা , বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী , কাৰ্যালয় সম্পাদক সমুদ্ৰ পাটগিৰি , মুখ্য সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামী , ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য জিতু নেওগ উপস্থিত থকা সভাখনত বিশিষ্ট অধিবক্তা তথা যোৰহাট উকীল সন্থাৰ সভাপতি ৰিন্টু গোস্বামীয়ে যোৰহাট জিলা ছাত্ৰ সন্থাৰ এই পদক্ষেপৰ ভূয়সী প্ৰশংসা কৰাৰ লগতে আগন্তুক সময়ত এনেধৰণৰ পদক্ষেপ অসমৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হৈ ৰ'ব বুলিও উল্লেখ কৰে । গোস্বামীয়ে লগতে কয় , এনেধৰণৰ যোগাত্মক কাৰ্যকলাপে ছাত্ৰ সন্থাৰ সন্মান জনমানসত অনাগত দিনত অধিক উচ্চ কৰি তুলিব । অসম আন্দোলনৰ অগ্ৰণী কৰ্মী ৰাজা চক্ৰৱৰ্তী , সমীৰণ বৰদলৈ , যুৱ ছাত্ৰ পৰিষদৰ উপেন কলিতা , প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক প্ৰদীপ বৰা , প্ৰাক্তন ছাত্ৰ নেতা আলোক বৰুৱা , ধ্ৰুৱজ্যোতি হাজৰিকা, সঞ্জীৱ দাস , দেৱজিত বৰুৱা,অসম সেনাৰ অৰূপ পূজাৰী ইত্যাদি উপস্থিত থকা সভাখনত সভাপতিৰ মন্তব্যত জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয়, বহুতকেইটা ব্যক্তিগত খণ্ডৰ নিয়োগ বিনিময় কেন্দ্ৰ আছে যদিও তেওঁলোকে সদায় পেছাদাৰী মানসিকতাৰে কাম-কাজ চলাই আহিছে । ছাত্ৰ সন্থাই এই ক্ষেত্ৰত সম্পূৰ্ণ সেৱাৰ দৃষ্টিভংগীৰে আমি ভৱিষ্যতৰ দিনত এই কেন্দ্ৰটোৰ জৰিয়তে কাম আগবঢ়াই নিম । এই কাম-কাজ সমূহ চৰকাৰে কৰিব নোৱাৰাৰ বাবেই আমি এনে প্ৰচেষ্টা হাতত ল'বলগীয়া হৈছে । যিহেতু অসম চুক্তিৰ ছয় নং দফাত স্পষ্টভাৱে উল্লেখ আছে যে অসমত থকা সমূহ ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত ১০০ শতাংশ থলুৱা যুৱক-যুৱতীক মকৰল কৰিব লাগিব , কিন্তু তৎস্বত্তেও চৰকাৰে এই কাম আজি পৰ্যন্ত কৰিব পৰা নাই ।  গতিকে এইয়া চৰকাৰৰ আচলতে এটা দুৰ্বলতা আৰু সেই দুৰ্বলতাক আমি উদঙাই দেখুৱাই আমি নিজাববীয়াকৈ এই প্ৰচেষ্টা হাতত লৈছোঁ ।বৰদলৈয়ে লগতে কয় , আন আন নিয়োগ বিনিময় কেন্দ্ৰসমূহৰ দৰে ইয়াত অত্যাধিক ধন ,অত্যাধিক মাচুল নিজৰ বায়'ডাটা প্ৰদানৰ বাবে ব্যয় কৰিব নালাগে । অতি নুন্যতম মূল্যত নিয়োগ বিনিময় কেন্দ্ৰটো ভৱিষ্যতৰ দিনত চলাই নিয়াৰ স্বাৰ্থত অতি নুন্যতম মূল্যত যোৰহাটৰ থলুৱা , অৰ্হতাসম্পন্ন ,শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ কাৰণে এই বিনিময় কেন্দ্ৰটোৰ জৰিয়তে সুবিধা প্ৰদান কৰা হ'ব । আশা ৰাখিছোঁ , ইয়াৰ জৰিয়তে যোৰহাটৰ হাজাৰ হাজাৰোধিক নিবনুৱা যুৱক-যুৱতী সকল উপকৃত হ'ব ।

No comments