Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

শোণিতপুৰৰ গাভৰু উন্নয়ন খণ্ডত কেন্দ্ৰীয় ভাৱে সুশাসন দিৱস পালন

ষ্টাফ ৰিপ'ৰ্টাৰ, তেজপুৰ, ২৫ ডিচেম্বৰঃ সমগ্ৰ দেশৰ লগতে আজি শোণিতপুৰ জিলাতো শোণিতপুৰ জিলা পৰিষদৰ উদ্যোগত গাভৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়...


ষ্টাফ ৰিপ'ৰ্টাৰ, তেজপুৰ, ২৫ ডিচেম্বৰঃ সমগ্ৰ দেশৰ লগতে আজি শোণিতপুৰ জিলাতো শোণিতপুৰ জিলা পৰিষদৰ উদ্যোগত গাভৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় চৌহদত কেন্দ্ৰীয়ভাৱে সুশাসন দিৱস পালন কৰা হয়৷ আজিৰ কাৰ্যসূচীত জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙ, মুখ্য কাৰ্যবাহী বিষয়া দিগন্ত বৈশ্য, জিলা কৃষি বিষয়া প্ৰকাশ বৰা, বিদ্যালয় সমূহৰ পৰিদৰ্শক প্ৰভাত দাস, শিশু উন্নয়ন প্ৰকল্প বিষয়া ৰুবী কলিতা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছনৰ জিলা প্ৰকল্প পৰিচালক এম আলম, গাভৰু আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ৰেখা বৰুৱা, বিশিষ্ট সমাজকৰ্মী নবজিৎ শৰ্মা, অমিতাভ শইকীয়া, জয়ন্ত বৰা আদি উপস্থিত থাকে ৷ উল্লেখ্য যে, দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপায়ীৰ স্মৃতিত তেখেতৰ জন্মদিন ২৫ ডিচেম্বৰ দিনটো যোৱা ২০১৫ চনৰ পৰা সুশাসন দিৱস হিচাপে পালন কৰি অহা হৈছে৷ আজিৰ সভাত উপস্থিত কৃষক ৰাইজ আৰু অনান্য ব্যক্তিসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া ভাষণৰ পোনপটীয়া সম্প্ৰচাৰ  কৰা হয় ৷ জিলাখনৰ আন উন্নয়ন খণ্ড সমূহতো আজিৰ দিৱসৰ লগতে সংগতি ৰাখি কৃষক ৰাইজৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীৰ ভাষণৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয় ৷

No comments