বাৰ্তা, ফুলনি, ২৯ ডিচেম্বৰ: উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ পৰা ৰতনপূৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাজদ্বীপ শইকীয়াই আৰ্যভট্ট বিজ্ঞান ক...
বাৰ্তা, ফুলনি, ২৯ ডিচেম্বৰ: উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ পৰা ৰতনপূৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাজদ্বীপ শইকীয়াই আৰ্যভট্ট বিজ্ঞান কেন্দ্র যোৰহাট জিলা সমাৰোহত বিজ্ঞান মডেল প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি অহা ২১ ,২২ জানুৱাৰী তাৰিখে গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত হব লগা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহ লৈ নিৰ্বাচিত হৈছে।ৰতনপূৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা একাদিক্ৰমে তিনি বছৰ ৰাজ্যিক সমাৰোহলৈ নিৰ্বাচিত হৈছে ছাত্ৰ সকল।ৰাজদ্বীপ শইকীয়া ৰতনপূৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দুৰ্গেশ্বৰ শইকীয়াৰ সু -যোগ্য সন্তান।ৰাজদ্বীপৰ এই সফলতাত অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছে।ষষ্ঠ শ্ৰেণীত অধ্যয়নত ৰাজদ্বীপে নিজেই পেলনীয়া সামগ্ৰীৰে বনালে এনেকুৱা এটা মেচিন ,একেটা মেচিনেৰে ঘাঁহ কটা,এল চি দি প্ৰজেক্টৰ,ডাঠ বহি ফুটা কৰা,টৰ্চ লাইটকে ধৰি সাত প্ৰকাৰৰ কাম কৰে।
No comments