Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট জিলা সাংবাদিক সন্থাৰ অধিবেশন ১৪ ফেব্ৰুৱাৰীত

ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট, ৫ ডিচেম্বৰ :   যোৰহাট জিলা সাংবাদিক সন্থাৰ এখন বিশেষ কাৰ্যনিবাহক সভা 'ন আলি ঢেকীয়াজুলি সোনাৰী গাঁও মজলীয়া বিদ্য...


ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট, ৫ ডিচেম্বৰ :   যোৰহাট জিলা সাংবাদিক সন্থাৰ এখন বিশেষ কাৰ্যনিবাহক সভা 'ন আলি ঢেকীয়াজুলি সোনাৰী গাঁও মজলীয়া বিদ্যালয়ত সন্থাৰ সভাপতি ৰিজু কুমাৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় । সভাত সন্থাৰ সাংগঠনিক দিশ সবল কৰা সন্দৰ্ভত বিমান শইকীয়া, ললিত বৰা,ৰমেন শইকীয়াকে ধৰি কেইবা গৰাকী সদস্যই বক্তব্য প্ৰদান কৰে । সম্পাদক সঞ্জীৱ দত্তই আঁত ধৰা সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে । সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাৰী আৰু সাংবাদিক মিলন মহন্তৰ আক্ৰমণকাৰীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদান নকৰাত সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰে । সভাত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী অহা জানুৱাৰী মাহৰ প্ৰথম পষেকত যোৰহাট জিলা সাংবাদিক সন্থাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হব । উক্ত সভাত আগন্তুক দুটা বৰ্ষৰ বাবে সন্থাৰ নতুন সমিতি গঠন কৰা হব । ইপিনে অহা ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব সন্থাৰ দ্বি বাৰ্ষিক অধিবেশন। 

অধিবেশন খন পশ্চিম যোৰহাট অথবা যোৰহাট নগৰত অনুষ্ঠিত হ’ব ৷ সভাই আগন্তুক অধিবেশনৰ সৈতে সংগতি ৰাখি সন্থাৰ মুখপত্ৰখন প্ৰকাশৰ সিদ্ধান্ত লয় ৷ ইয়াৰ বাবে ৰমেন শইকীয়াক সভাপতি, বিৰাজ বৰুৱা আৰু মানৱ বৰদলৈক যুটীয়া সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰি দিয়ে ৷ কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে  আদৰণি অনুষ্ঠানত  সোনাৰী গাঁও মজলীয়া বিদ্যালয়ৰ সভাপতি কৈলাশ বৰদলৈ , সমাজকৰ্মী দিলীপ বৰদলৈয়ে  ভাগ লৈ একাষাৰ কয় ৷

No comments