Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আইএছএলৰ পইণ্ট তালিকাৰ শীৰ্ষত মুম্বাই

  মুম্বাই চিটি এফচিয়ে বুধবাৰে নিশা চেন্নায়ান এফচিক ২-১ গ'লত পৰাস্ত কৰি হিৰো ইণ্ডিয়ান চুপাৰ লীগ (আইএছএল)ৰ সপ্তম সংস্কৰণৰ পইণ্ট তালিকাৰ শী...

 


মুম্বাই চিটি এফচিয়ে বুধবাৰে নিশা চেন্নায়ান এফচিক ২-১ গ'লত পৰাস্ত কৰি হিৰো ইণ্ডিয়ান চুপাৰ লীগ (আইএছএল)ৰ সপ্তম সংস্কৰণৰ পইণ্ট তালিকাৰ শীৰ্ষ স্থান দখল কৰিছে। মুম্বাইয়ে ১২ পইন্টৰে শীৰ্ষ স্থানত আছে। দলটোৱে পাঁচখন মেচ খেলি ১২ পইণ্ট অর্জন কৰিছে। তাৰ বিপৰীতে দ্বিতীয় স্থানত থকা নৰ্থ ইষ্ট ইউনাইটেডে পাঁচখন মেচত ন পইণ্ট অর্জন কৰিছে। নৰ্থ ইষ্ট দলটোৱে এখন মেচত পৰাস্ত হৈছে। আনহাতে দুবাৰৰ চেম্পিয়ন চেন্নাইয়ে চাৰিখন মেচৰ ভিতৰত দুখনত পৰাস্ত হ'বলগীয়া হৈছে। দলটোৱে এইবাৰ এখন মেচত জয় লাভ কৰাৰ লগতে এখনত ড্ৰ' খেলি চাৰি পইণ্ট অর্জন কৰি  ১১টা দলৰ তালিকাত অষ্টম স্থান দখল কৰিছে। মেচৰ প্ৰথম অৰ্ধলৈ দুয়োটা দলৰ মাজত সুন্দৰ ফুটবল মেচ দেখিবলৈ পোৱা গৈছিল। এনে লাগিছিল যে দুয়োটা দলে প্ৰথম অৰ্ধত গ'ল কৰিবলৈ সক্ষম নহ'ব। কিন্তু চেন্নায়ে ৪০ মিনিটত প্রথমটো গ'ল কৰি মেচখনত ১-০ৰে আগুৱাই থাকে। ইয়াৰ পিছত দলটোৱে পুনৰাই দ্বিতীয়টো গ'ল দিবলৈ অপ্ৰাণ চেষ্টা চলাই যদিও সফল নহয়। প্রতিবাৰে নিৰাশ হ'বলগীয়া হয়। তাৰ বিপৰীতে মুম্বাইয়ে প্ৰথম অৰ্ধৰ চাৰি মিনিটত প্ৰথমটো গ'ল মেচখনত ১-১গ'লৰ সমতা স্থাপন কৰে। তাৰ পিছত আৰু অধিক উত্তেজনাপূৰ্ণ হৈ পৰে। দুয়োটা দলে দ্বিতীয়টো গ'ল দি মেচখন দখল কৰাৰ লক্ষ্যত নামি পৰে। এই ক্ষেত্ৰত কিন্তু মুম্বাই সফল হয়। দলটোৱে ৭৫ মিনিটত দ্বিতীয়টো গ'ল দিয়ে আৰু মেচখন নিজৰ দখললৈ নিয়ে। 

No comments