Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হাউলীত চাঞ্চল্যকৰ ঘটনা এগৰাকী শিশুক অপহৰণৰ চেষ্টাঃ অপহৰণ কাণ্ডৰ লগত জড়িত এজনক কৰায়ত্ব

দিদাৰ হুছেইন,হাউলী ২২ ডিচেম্বৰঃ বৰপেটা জিলাৰ হাউলী চহৰৰ লাচিতৰোডত এটি দহ বছৰীয়া শিশু এগৰাকী মহিলাই অপহৰণৰ চেষ্টা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চ...


দিদাৰ হুছেইন,হাউলী ২২ ডিচেম্বৰঃ বৰপেটা জিলাৰ হাউলী চহৰৰ লাচিতৰোডত এটি দহ বছৰীয়া শিশু এগৰাকী মহিলাই অপহৰণৰ চেষ্টা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে | 
জানিব পৰা মতে সোমবাৰে ৰাতি পুৱাৰ ভাগৰ পৰাই নিখোজ হৈ আছিল শিশুটি ।
শিশুটিক মাতৃয়ে  বিচাৰি  নাপাই চিঞৰ বাখৰ কৰে যদিওঁ ক'তো সন্ধান উলিয়াৱ পৰা নাছিল ।
পিছত পৰিয়াল তথা স্থানীয় লোকে চহৰখনৰ বিভিন্নস্থানত বিচাৰি নপোৱাত মাইকযোগে নিখোজৰ খবৰ প্ৰচাৰ  কৰে ।
অৱশেষত একে চৌহদতে ভাড়াতীয়া হিচাপে থকা দেৱান গুলজাৰ হুছেইনৰ কোঠাত উদ্ধাৰ হয় শিশুটি ।
দেৱান গুলজা হুছেইনৰ পত্নী মামনি দাস ওৰফে পূজা বেগমে শিশুটিৰ হাত ভৰি আৰু মুখত সোপা দি আৱদ্ধ কৰি ৰাখিছিল নিজ কোঠাৰ ভিতৰত বুলি অপহৃত শিশুটিয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে |
অপহৃত শিশুটিৰ দেহৰ বিভিন্ন স্থানত ইতিমধ্যে আঘাতৰ চিন স্পষ্ট আছে ।
অপহৃত শিশুটি হাউলীৰ জিলা শিক্ষা আৰু প্ৰশিক্ষন প্ৰতিষ্ঠানৰ প্ৰৱক্তা মনোৱাৰ হুছেইনৰ পত্ৰ মুজাহিদ হুছেইন ।
মুজাহিদ হুছেইন হাউলী আজাদ হাইস্কুলৰ  পঞ্চম শ্ৰেনীৰ ছাত্র |
প্ৰবক্তা মনোৱাৰ হুছেইন হাউলী লাচিত ৰোডৰ ছৰবেশ আলীৰ ঘৰত ভাড়াতীয়া হিচাপে বাস কৰিছিল।
শিশুটি উদ্ধাৰৰ পাছত অপহৰণকাণ্ডৰ লগত জড়িত অভিযুক্ত মহিলা গৰাকীয়ে এগৰাকী ব্যক্তিৰ সৈতে বাইকেৰে পলাবলৈ  চেষ্টা চলাই যদিও স্থানীয় ৰাইজে অতি তৎপৰাতাৰে মহিলা গৰাকীক আটক কৰিবলৈ সক্ষম হৈছে |
 কিন্তু বাইক আৰোহীজন পলাই যাবলৈ সক্ষম হয়।
অভিযুক্ত মহিলা গৰাকীক স্থানীয় একাংশ মহিলাই  লপা-থপা দিয়াৰ চেষ্টা চলায় যদিওঁ ঘটনাস্থলীত  হাউলী আৰক্ষী উপস্থিত হৈ ৰাইজৰ কৱলৰ পৰা অভিযুক্ত মহিলা গৰাকীক থানালৈ যায় বুলি জানিব পৰা গৈছে |
উল্লেখ্য যে,  মহিলা গৰাকীৰ কোঠাত বিভিন্ন ধৰণৰ আপত্তিজনক নথি পত্ৰৰ লগতে বহিঃৰাজ্যৰ একাধিক ছিমকাৰ্ড আৰু অজ্ঞাত কোডসহ মোবাইল নম্বৰ উদ্বাৰ হোৱা ঘটনাই অধিক ৰহস্যৰ সৃষ্টি কৰিছে।
অভিযুক্ত মহিলা গৰাকীৰ স্বামী গুলজাৰ হুছেইন শিশু সৰবৰাহৰ লগতে অবৈধ গৰু ব্যৱসায়ৰ লগতো জৰিত থকাৰ অভিযোগ  উত্থাপন কৰিছে স্থানীয় ৰাইজে |

No comments