গণবাৰ্তা,হাউলী, ২৩ ডিচেম্বৰ: আঞ্চলিক চাহিদাৰ ভিত্তিত কৰ্মমুখী সেৱাৰ উপযুক্ত প্ৰশিক্ষণে আমাৰ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ লগতে সাধাৰণ ৰাইজকো উপক...
গণবাৰ্তা,হাউলী, ২৩ ডিচেম্বৰ: আঞ্চলিক চাহিদাৰ ভিত্তিত কৰ্মমুখী সেৱাৰ উপযুক্ত প্ৰশিক্ষণে আমাৰ নিবনুৱা সমস্যা হ্ৰাস কৰাৰ লগতে সাধাৰণ ৰাইজকো উপকৃত কৰিব। আজি বৰপেটাত অনুষ্ঠিত অসম দক্ষতা বিকাশ অভিযানৰ জিলা কৰ্মশালা এখন উদ্বোধন কৰি দিয়া ভাষণত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই এইদৰে কয়। বৰপেটাৰ তৰুণ ৰাম ফুকন প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটিত মুখ্য অতিথি হিচাবে দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে কয় যে, যুৱক-যুৱতী সকলৰ দক্ষতা বিকাশৰ ওপৰত বৰ্তমান চৰকাৰে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে, কাৰণ ইয়াৰ দ্বাৰাহে এখন কৰ্মমূখী সুস্থ সমাজ গঢ়ি উঠিব পাৰে। সভাত অসম ৰাজ্যিক দক্ষতা বিকাশ অভিযানৰ 'সঙ্কল্প' শীৰ্ষক প্ৰকল্পটিৰ মুৰব্বী এন ধীৰাজ সিনহা আৰু ৰাজ্যিক দক্ষতা অভিযানৰ প্ৰকল্প প্ৰৱন্ধক পিঙ্কু চৌধুৰীয়েও ভাষণ দিয়ে। সভাত জিলা পশু চিকিৎসা বিষয়া ডা প্ৰবীণ কুমাৰ দাস, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, ৰেচম বিভাগৰ সহকাৰী সঞ্চালক ভূপতি শৰ্মা, দক্ষতা বিকাশ অভিযানৰ জিলা প্ৰৱন্ধক মহিদুল ইছলাম, হাউলী কৃষি বিজ্ঞান কেন্দ্ৰৰ মূৰব্বী বিজ্ঞানী ড: অৰূপ কুমাৰ ডেকা, শ্ৰম বিষয়া ব্ৰজেন বৰুৱা আদিও উপস্থিত আছিল।
No comments