আৰিফ আহমেদ, তামুলপুৰ, ৫ ডিচেম্বৰ ঃ বহু আকাংক্ষিত বিটিচি নিৰ্বাচনলৈ মাথোঁ মাজতে এটা দিন বাকী আৰু আজি সমাপ্ত হল নিৰ্বাচনী প্ৰচাৰ কাৰ্য। আজ...
আৰিফ আহমেদ, তামুলপুৰ, ৫ ডিচেম্বৰ ঃ বহু আকাংক্ষিত বিটিচি নিৰ্বাচনলৈ মাথোঁ মাজতে এটা দিন বাকী আৰু আজি সমাপ্ত হল নিৰ্বাচনী প্ৰচাৰ কাৰ্য। আজি পুৱাই ইউপিপিএল দলৰ সভাপতি তথা ২৮ নং গয়বাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰমোদ বড়োৱে তামুলপুৰৰ কলবাৰীস্থিত বাথৌ ঠাঁনচালি (বাথৌ মন্দিৰ) ত উপস্থিত হয় আৰু সমগ্ৰ বিটিচিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। বাথৌ ঠাঁনচালিৰ পুৰোহিতসকলে প্ৰমোদ বড়োক আশীৰ্বাদ দিয়ে। প্ৰমোদ বড়োৰ জয়ৰ কামনাৰে পুৰুষ-মহিলাসকলে বাথৌ ধৰ্মীয় প্ৰাৰ্থনা আৰজ গাই প্ৰমোদ বড়ো জয়ী হোৱাৰ বাবে প্ৰাৰ্থনা জনায়। এক আধ্যাত্মিক পৰিৱেশত অতি আত্মবিশ্বাসী ৰূপত দেখা গ’ল প্ৰমোদ বড়োক।
সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োৱে কয়- পৰিৱৰ্তনৰ স্বাৰ্থত এইবাৰ বিটিচিৰ সকলো শ্ৰেণীৰ ৰাইজ ইউপিপিএলৰ সমৰ্থনত ওলাই আহিছে। ইউপিপিএল দল ৰাইজৰ ওচৰত দায়বদ্ধ আৰু ৰাইজৰ সেৱাত উৎসৰ্গিত। হাগ্ৰামা মহিলাৰীৰ অপশাসনৰ তলত বিটিচিবাসী আৰু এক মিনিট সময়ো থাকিব নিবিচাৰে। বৰ্তমান ইউপিপিএল দলৰ ১৪ লাখ সদস্য আছে আৰু ইউপিপিএল দলেই বিটিচিত নিশ্চিতভাৱে চৰকাৰ গঠন কৰিব। হাগ্ৰামা মহিলাৰীৰ দিনত ছয় হাজাৰ কোটি টকাৰ কেলেংকাৰী হৈছে আৰু অচিৰেই ইয়াৰ চিবিআই তদন্ত হ’ব আৰু হাগ্ৰামা মহিলাৰীৰ লগতে দুৰ্নীতিত লিপ্তসকল জে’ললৈ যাব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰমোদ বড়োৱে।
No comments