Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কোৰোনাৰ আতংকৰ মাজত অনুষ্ঠিত হ'ব শ্ৰীলংকা-দক্ষিণ আফ্ৰিকাৰ টেষ্ট

জুহান্সবাৰ্গ, ১৯ ডিচেম্বৰ: বৰ্তমান দক্ষিণ আফ্ৰিকাত কোৰোনা ভাইৰাছৰ দ্বিতীয় লগৰ চলি আছে। ইয়াৰ মাজত ডিচেম্বৰৰ শেষৰ ফালে শ্ৰীলংকাৰ বিৰুদ্ধে দুখন...


জুহান্সবাৰ্গ, ১৯ ডিচেম্বৰ: বৰ্তমান দক্ষিণ আফ্ৰিকাত কোৰোনা ভাইৰাছৰ দ্বিতীয় লগৰ চলি আছে। ইয়াৰ মাজত ডিচেম্বৰৰ শেষৰ ফালে শ্ৰীলংকাৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট ছিৰিজ আয়োজন কৰিবলৈ সাজু হৈছে দক্ষিণ আফ্ৰিকা। কিন্তু ছিৰিজ আৰম্ভ হোৱাৰ পূৰ্বে বিপাঙত পৰিছে দক্ষিণ আফ্ৰিকা। শ্ৰীলংকাৰ বিৰুদ্ধে খেলিবলৈ দলটোৱে ঘোষণা কৰা ১৬জনৰ ১০জন ফাৰ্ষ্ট ক্লাছৰ ক্ৰিকেটাৰ কোৰোনাত আক্রান্ত হৈছে। যাৰ বাবে আতংকৰ সৃষ্টি হৈছে দক্ষিণ আফ্ৰিকাত। এই ঘটনাৰ পিছত ক্ৰিকেট দক্ষিণ আফ্ৰিকাই ঘৰুৱা টুৰ্ণামেণ্ট বাতিল কৰিছে। জানুৱাৰীলৈ দক্ষিণ আফ্ৰিকাই ঘৰুৱা ক্ৰিকেট স্থগিত কৰিছে। ঘৰুৱা টুৰ্ণামেণ্ট দেওবাৰৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল। ক্ৰিকেট দক্ষিণ আফ্ৰিকাই কয় যে ২৬ ডিচেম্বৰৰ অনুষ্ঠিত হ'বলগীয়া ছিৰিজত কোনো ব্যৱধানৰ সৃষ্টি নকৰে। নিৰ্ধাৰিত সময়ত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট ছিৰিজ অনুষ্ঠিত হ'ব। ক্ৰিকেট দক্ষিণ আফ্ৰিকাই কয় যে বায় ববলত প্ৰৱেশ কৰাৰ পূৰ্বে ক'ভিড ৰিপৰ্ট নিকেটিভ অহাটো বাধ্যতামূলক হ'ব। যিজন ক্ৰিকেটাৰৰ কোৰোনা ৰিপৰ্ট নিকেটিভ নাহিব, সেইজন প্ৰথম টেষ্টৰ পৰা বাহিৰত থাকিব লাগিব।

No comments