Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিলাসীপাৰাত নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ত্ৰি-বাৰ্ষিক অধিবেশনৰ সাংস্কৃতিক শোভাযাত্ৰা

  গণ বাৰ্তা বিশেষ, বিলাসীপাৰা,২৬ ডিচেম্বৰ:- ধুবুৰী জিলাৰ বিলাসীপাৰাত কালিৰে পৰা তিনি দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে নাথ যোগী ছাত্ৰ সন্থাৰ ক...

 


গণ বাৰ্তা বিশেষ, বিলাসীপাৰা,২৬ ডিচেম্বৰ:- ধুবুৰী জিলাৰ বিলাসীপাৰাত কালিৰে পৰা তিনি দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ত্ৰি-বাৰ্ষিক বিলাসীপাৰা অধিবেশন। শ্বহীদ মনবৰ নাথ অস্থায়ী সমন্বয় ক্ষেত্ৰ হেলাগাড়ীত আয়োজিত কেন্দ্ৰীয় অধিবেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি সাংস্কৃতিক শোভাযাত্ৰাত প্ৰায় কেইবা হাজাৰ লোকে অংশ গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। নাথ যোগী ছাত্ৰ সন্থাৰ বিলাসীপাৰা জিলা সমিতিৰ কাৰ্য্যালয়ৰ পৰা উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই বিলাসীপাৰা চহৰ হৈ কেন্দ্ৰীয় অধিবেশন থলীত উপস্থিত হয়। শোভাযাত্ৰাত লখিমপুৰ জিলা নাথ যোগী ছাত্ৰ সন্থাকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেবাটাও প্ৰতিনিধি দলে অংশ গ্ৰহণ কৰে। শোভাযাত্ৰাত গুৱাহাটীৰ পৰা আগত কেইবা গৰাকী অতিথি শিল্পী অজয় ফুকন, নীলিম নিৰ্মালী, গীতালী, আৰু ৰূপা কাশ্যপ উপস্থিত থাকে।

সাংস্কৃতিক শোভাযাত্ৰাত নাথ যোগী জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক দিশ বোৰ প্ৰদৰ্শন কৰা হয়। অধিবেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি বিয়লি চাৰি বজাত অনুষ্ঠিত হয় মুকলি সভা। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্, অঃজাঃযুঃছাঃ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ণ গগৈ , গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সভাপতি হাফিজুল আহমেদ, স্বাহনাৱাজ হুছেইন, কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি ছেলিম পাটগিৰি, আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাক্ৰা, টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোঁহাই, আক্ৰাছুৰ সভাপতি হিতেশ বৰ্মন, জীৱেশ ৰায়, সুত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতি প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি লক্ষন নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰবিন্দ নাথে আগন্তুক নিৰ্বাচন পুৰ্বে নাথ যোগী জনগোষ্ঠীটোক জনজাতি কৰণ নকৰিলে ৰাজনৈতিক ভাবে চৰকাৰক প্ৰতুত্তোৰ দিবলৈ সাজু বুলি চৰকাৰক সকিয়াই দিয়ে।

No comments