Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাজদিয়াত কংগ্ৰেছৰ দক্ষিণ পূব সৰুক্ষেত্ৰী মণ্ডল কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন

গণ বাৰ্তা, চেঙা ,৯ ডিচেম্বৰঃ   ২০২১ চনৰ বিধান সভা নিৰ্বাচন সমাগত। ৰাজনৈতিক দলসমূহে নিজ দলৰ ভেটি মজবুত কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে নিজ নিজ সমষ্...



গণ বাৰ্তা, চেঙা ,৯ ডিচেম্বৰঃ   ২০২১ চনৰ বিধান সভা নিৰ্বাচন সমাগত। ৰাজনৈতিক দলসমূহে নিজ দলৰ ভেটি মজবুত কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে নিজ নিজ সমষ্টিত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ শক্তিশালী দুৰ্গত পৰিণত হোৱা সৰুক্ষেত্ৰী সমষ্টিতো বিভিন্ন ৰাজনৈতিক  দলে কুচকাৱাচ আৰম্ভ কৰিছে। সৰুক্ষেত্ৰী সমষ্টিৰ স্থানীয় বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰতিখন মণ্ডল কংগ্ৰেছ সমিতিয়ে অনুষ্ঠিত কৰিবলৈ লৈছে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে তৃণমূল পৰ্যায়ত কংগ্ৰেছ দলৰ ভেটি অধিক মজবুত কৰাৰ লক্ষ্য লৈছে বিধায়ক জাকিৰ হুছেইন শিকদাৰে। আজি সৰুক্ষেত্ৰী সমষ্টিৰ ১৫ নং দক্ষিণ পূব সৰুক্ষেত্ৰী মণ্ডল কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এখন মাজদিয়া হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ যায়। বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ প্ৰস্তুতি সমিতিৰ আহ্বায়ক মুক্তাৰ আলীৰ সভাপতিত্বত অনুষ্ঠিত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনৰ  উদ্দেশ্য ব্যাখ্যা কৰে সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক মামুল আলীয়ে। সভাখনৰ আৰম্ভণিতে সদ্য প্ৰয়াত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে । সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নতুনকৈ গঠন হোৱা মণ্ডল সমিতি, মহিলা মণ্ডল সমিতি, বুথ কমিটিৰ বিষয়-ববীয়া, সদস্যসকলক বিধায়ক জাকিৰ হুছেইন শিকদাৰে ফুলাম গামোচাৰে আদৰণী জনায়।উক্ত সভাখনত অসম গণ পৰিষদ আৰু এআইইউডিএফ দলৰ কেইবাগৰাকী নেতা-কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে।নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰা ব্যক্তিকেইজনক বিধায়কগৰাকীয়ে ফুলাম গামোচাৰে দললৈ আদৰণী জনায়  । বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ কাৰ্যকালৰ বিগত সময়ছোৱাত দক্ষিণ পূব সৰুক্ষেত্ৰী গাঁও পঞ্চায়তত কি কি উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা হৈছে সেইবিষয়ে খতিয়ান দাঙি ধৰে সভাখনৰ সভাপতি মুক্তাৰ আলীয়ে। বিধায়ক জাকিৰ হুছেইন শিকদাৰে ভাষণ প্ৰসংগত  সৰুক্ষেত্ৰী সমষ্টিৰ যিসকল ৰোগীৰ তেজৰ প্ৰয়োজন তেনে ৰোগীক  যুৱ কংগ্ৰেছৰ উদ্যোগত তেজ যোগান ধৰা হ'ব বুলিও উল্লেখ কৰে। কংগ্ৰেছ দলত কোনো দালালৰ স্থান নাই বুলি উল্লেখ কৰি কংগ্ৰেছৰ প্ৰতিগৰাকী কৰ্মী সৎ ,নিষ্ঠাবান আৰু দায়িত্বশীল-কৰ্তব্যপৰায়ণ হ'ব লাগিব বুলি মন্তব্য কৰে। স্বেচ্ছাচাৰী সাম্প্ৰদায়িক দল বিজেপিক উৎখাত কৰিবলৈ ৰাইজলৈ আহ্বান জনায় বিধায়কগৰাকীয়ে।প্ৰাক্তন মুখ্যমন্ত্ৰী  প্ৰয়াত তৰুণ গগৈৰ আদৰ্শেৰে কংগ্ৰেছ দলক আগুৱাই নিব লাগিব বুলি কৈ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ২০২১চনত কংগ্ৰেছৰ চৰকাৰ হ'ব বুলি দাবী কৰে। কৃষক বিৰোধী আইন সন্দৰ্ভতো বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কৃষকসকলক ন্যায় দিবলৈ কংগ্ৰেছ দলে পদক্ষেপ গ্ৰহণ কৰিছে আৰু কৃষকসকলৰ লগত কংগ্ৰেছ দল সদায় আছে বুলি উল্লেখ কৰে  বিধায়কগৰাকীয়ে। সভাখনত সৰুক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি শান্ত কুমাৰ দাস, বৰপেটা জিলা কংগ্ৰেছৰ কোষাধ্যক্ষ আতিকুৰ ৰহমান, ১৫ নং দক্ষিণ পূব সৰুক্ষেত্ৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী, আঞ্চলিক সদস্য ক্ৰমে জেচমিনা চুলতানা আৰু ইমৰাণ আলী, সৰুক্ষেত্ৰী ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী গীতা বেগম, ৭নং দক্ষিণ পূব সৰুক্ষেত্ৰী জিলা পৰিষদৰ সদস্য বাবুল আলীৰ উপৰিও কেইবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে। উল্লেখ্য যে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আৰম্ভ হোৱাৰ  পূৰ্বে ডেৰ লাখ টকা ব্যয় সাপেক্ষ  বিধায়ক উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা   মাজদিয়া আদৰ্শ বিদ্যাপীঠৰ মূল তোৰণখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে।

No comments