আৰিফ আহমেদ,তামুলপুৰ, ২৭ ডিচেম্বৰ: নৱবৰ্ষলৈ মাজত মাত্ৰ কেইদিনমান বাকী। তেনে সময়তে প্ৰকৃতিৰ ৰম্যভুমি বাক্সা আৰু ওদালগুৰি জিলাৰ ভাৰত-ভূটান স...
আৰিফ আহমেদ,তামুলপুৰ, ২৭ ডিচেম্বৰ: নৱবৰ্ষলৈ মাজত মাত্ৰ কেইদিনমান বাকী। তেনে সময়তে প্ৰকৃতিৰ ৰম্যভুমি বাক্সা আৰু ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ বগামাটিত উছবৰ পৰিবেশ। চৌদিশে পাহাৰ আৰু ভূটান পাহাৰৰ পৰা বৈ অহা বৰনদীৰ নিৰ্মল পানীয়ে সকলো শ্ৰেণীৰ লোককে বগামাটিৰ বুকুত বনভোজৰ আনন্দ উপভোগ কৰিবলৈ হাতবাউলি মাতিছে। সম্প্ৰতি বগামাটিৰ বুকুত ৰাজ্যৰ উজনি নামনিৰ বনভোজকাৰী দলৰ উপস্থিতিয়ে বগামাটিৰ বুকুত সৃষ্টি কৰিছে উছবৰ পৰিবেশ। সৰু বৰ বিভিন্ন দলত বিভক্ত বনভোজৰ দলে ঢাপলি মেলিছে বগামাটিত বনভোজ খাবলৈ । দৈনন্দিন ব্যস্ততাৰ পৰা ফালৰি কাটি বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লগত প্ৰকৃতিৰ সতে কটোৱাৰ বাসনাৰে আটাইয়ে যেন উদ্বাউল। প্ৰাকৃতিক সৌন্দৰ্য আৰু জৈৱ বিচিত্ৰৰে ভৰপুৰ বগামাটি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তবৰ্তী এখন ঠাই। বগামাটিৰ এটি অংশ ওদালগুৰি জিলাৰ বৰনদী অভয়াৰণ্যত। বাক্সা আৰু ওদালগুৰি জিলাৰ সীমাত অৱস্থিত বগামাটিত শাৰী শাৰী বগৰী গছবোৰ যেন প্ৰকৃতিয়ে হিচাপ কৰি কৰি ৰুই থৈছে এনে লাগে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা, শিমালয় খৰস্ৰোতা বৰনদীৰ দুয়োপাৰে আছে প্ৰচুৰ প্ৰকৃতিক সৌন্দৰ্য্য। ভূটান পাহাৰৰ চূড়াত থকা ৪৫ ফুট ওখ বৌদ্ধ মুৰ্তি বনভোজকাৰী দলৰ আৰু দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু। এসময়ত বগামাটি আছিল এক দুৰ্গম ঠাই। যত দিনে নিশাই কেৱল উগ্ৰপন্থীৰ অবাধ বিচৰণ তথা কুজকাৱাজ চলিছিল।
সময়ৰ সোতত সেই বগামাটিয়ে হৈ পৰিছে পৰ্যটকৰ এক উৎকৃষ্ট ক্ষেত্ৰ। ২০০৬ চনত ইয়াক প্ৰথম আবিষ্কাৰ কৰিছিল গোৰেশ্বৰ অঞ্চলৰ কেইগৰাকীমান উদ্যমী যুৱকে। তেওঁলোকৰ প্ৰচেষ্টাতে গঢ় লোৱা বিটিচিৰ প্ৰথমটো শিখৰ এডফেঞ্চাৰ ক্লাব, গোৰেশ্বৰৰ উদ্যমী সাংবাদিক পূৰ্ণ ডেকাৰ নেতৃত্বত সাংবাদিক জুলিমা ডেকাকে আদি কৰি এচাম উদ্যমী যুৱকে আবিষ্কাৰ কৰিছিল বগামাটিত থকা দু:সাহসিক ক্ৰীড়া ক্ষেত্ৰ। বিশেষকৈ চুবুৰীয়া ভূটান ৰাষ্ট্ৰৰ পৰা বৈ অহা খৰস্ৰোতা বৰনদীৰ বুকুত হোৱাই বাটাৰ ৰাফটিং বাটাৰ বটিং। ইয়াৰ পিছতে ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য গনেশ কছাৰী আৰু স্থানীয় দাওৰাইঝাৰ ইকো টুৰিজিম চচাইটিৰ সহযোগত বগামাটি হৈ পৰে অসমৰ লেখত লবলগীয়া বনভোজস্থলী। ২০১৫ চনত গঢ় লোৱা গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে দু: সাহসিক ক্ৰীড়া ক্ষেত্ৰলৈ মুকলি কৰি দিয়ে কিছুমান সা সুবিধা। দু : সাহসিক ক্ৰীড়া ক্ষেত্ৰত তেওলোকৰ শেহতীয়া সংযোজন বৰনদীৰ বুকুত বগামাটিত ৫২৫ ফুট দীঘল জিপলাইন। এইবোৰৰ সা সুবিধাৰ বাদেও বগামাটিত শেহতীয়া ভাৱে হৈ যোৱা নৰ্থ ইষ্ট এডভেঞ্চাৰ ট্যুৰিজিম ফেষ্টিভেল ২০১৮ এ পৰ্যটকক আকৰ্ষণ কৰাত অভূত অৰিহণা যোগাইছে। আনহাতে গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰ নামৰ সংস্থাই উৎসাহী বনভোজকাৰীৰ বাবে ট্ৰেকিং ৰাফটিং, জীপ লাইনিঙৰো ব্যৱস্থা কৰিছে। বনভোজকাৰী সকলৰ বাবে জিৰণি গৃহ , নৌকা চালনাৰ ব্যৱস্থা কৰি গ্ৰহণ কৰিছে গ্ৰীণ ট্ৰেক এণ্ড এডভেঞ্চাৰে। বগামাটিৰ মনোমোহা পৰিবেশৰ লগতে পৰিষ্কাৰ পৰিচ্ছন্নতা বনভোজকাৰীৰ আকৰ্ষিত কৰে।
No comments