Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সুদীৰ্ঘ ২৮ বছৰে চিকিৎসা সেৱাত ব্ৰতী ডাঃ সবীন চন্দ্ৰ দাসক যুৱছাত্ৰৰ সম্বৰ্ধনা

  গণ বাৰ্তা, দুমুনিচকী ২০ ডিছেম্বৰঃ  কামৰূপ জিলাৰ বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰৰ উপ অধীক্ষক ডাঃ সবীন চন্দ্ৰ দাসক আজি অসম জাতীয়তাবাদী যুৱছা...


 গণ বাৰ্তা, দুমুনিচকী ২০ ডিছেম্বৰঃ কামৰূপ জিলাৰ বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰৰ উপ অধীক্ষক ডাঃ সবীন চন্দ্ৰ দাসক আজি অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ তৰফৰপৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷  ১৯৯২ চনৰ ৪নৱেম্বৰত ধুবুৰী জিলাৰ গজাৰিকান্দি ব্লক পি এইচ চি  চিকিৎসক হিচাবে কৰ্মজীৱন আৰম্ভ কৰা ডা° সবীন চন্দ্ৰ দাসে কাকৰিপাৰা State dispenseryত কৰ্তব্যৰত অৱস্থাত বাংলাদেশীৰ দ্বাৰা আক্ৰমণৰ বলি হৈছিল ৷ তাৰ পিছতে সেই সময়ৰ সৰভোগৰ বিধায়ক হেমেন দাসৰ সহায়ত সৰভোগ Subsidiary hc ত ১৯৯৭ ত  চিকিৎসক হিচাবে যোগদান কৰি ২০০৬ চনলৈ সেৱা আগবঢ়াই ৷ ২০০৬ চনতে বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত জ্যেষ্ঠ চিকিৎসক হিচাবে নিজৰ সেৱা আৰম্ভ কৰে ৷ ইয়াৰ পিছতে ২০০৮ ত সৰ্থেবাৰী সামুহিক স্বাস্থ্যকেন্দ্ৰত জ্যেষ্ঠ চিকিৎসক হিচাবে সেৱা আগবঢ়োৱাৰ অন্তত ২০০৯ ত পুনৰ সৰভোগলৈ বদলি হৈ আহে ৷ ২০০৯ তে উচ্চ শিক্ষাৰ বাবে  ডিব্ৰুগড় মেডিকেল কলেজত অধ্যয়ন আৰম্ভ কৰি ২০১১ত স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাবে পুনৰ সৰভোগত যোগদান কৰে  ৷ স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাবে ২০১২ত সৰ্থেবাৰীত আৰু ২০১৪ত বামুণীগাঁও আদৰ্শ চিকিৎসালয় সেৱা আগবঢ়াই ২০১৬ৰ জানুৱাৰীত উত্তৰ গুৱাহাটী খণ্ড প্ৰাঃ স্বাস্থ্যকেন্দ্ৰ মহকুমা স্বাস্থ্যবিষয়া হিচাবে যোগদান কৰে ডাঃ সবীন চন্দ্ৰ দাসে ৷ এইগৰাকী চিকিৎসকৰ কৰ্ম দক্ষতাৰ ওপৰত ভিত্তি কৰি ২০১৭ ত কামৰূপ জিলা উপায়ুক্তই বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষৰ লগত আলোচনা কৰি কামৰূপ জিলা অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষকৰ দায়িত্ব অৰ্পন কৰে ৷ এই দায়িত্ব সুচাৰুৰূপে পালন কৰি ২০১৮ ৰ  ৮ জানুৱাৰী কামৰূপ জিলাৰ বেজেৰা বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত উপ অধীক্ষক হিচাবে কাৰ্যভাৰ গ্ৰহণ কৰে ডাঃ সবীন চন্দ্ৰ দাসে ৷  বৰ্তমানলৈ এই চিকিৎসালয়তে সেৱা আগবঢ়াই থকা ডাঃ সবীন চন্দ্ৰ দাসে বিগত সময়ছোৱাত নিজৰ কৰ্মৰাজি আৰু চিকিৎসা সেৱাৰে বৃহত্তৰ বেজেৰা অঞ্চলৰ ৰাইজৰ হৃদয় জিনিবলৈ সক্ষম হৈছে ৷ বিগত বৰ্ষত বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসকৰ নাটনিৰ সময়ত ক্ৰমাগত তিনি চাৰিদিনলৈ দিৱা-নৈশভাৱে চিকিৎসালয়খনত সেৱা আগবঢ়াই ৰাইজৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল ৷ সুদীৰ্ঘ ২৮ বছৰে নিষ্ঠাৰে ৰাইজক সেৱা আগবঢ়াই অহা এইগৰাকী সু-চিকিৎসক,বেজেৰা সামূহিক স্বাস্থ্যকেন্দ্ৰৰ উপ অধীক্ষক ডাঃ সবীন চন্দ্ৰ দাসক আজি পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ তৰফৰপৰা সংগঠনটোৰ গুৱাহাটী জিলা সমিতিৰ উপদেষ্টা মিনহাজ আহমেদ, সাধাৰণ সম্পাদক আৰিফুৰ ৰহমান আৰু বিত্ত সম্পাদক পিংকু দাসে চিকিৎসালয়খনলৈ গৈ কৰ্তব্যৰত অৱস্থাতে  এই সম্বৰ্ধনা জ্ঞাপন কৰে ৷

No comments