Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঐতিহ্য মিত্ৰ" তুলসী নেওগক সাপেখাতী প্ৰেছ ক্লাৱত দল সংগঠনৰ সম্বৰ্ধনা

গণ বাৰ্তা ,৫নৱেম্বৰ , সাপেখাতী : ঐতিহ্য মিত্ৰ ৰূপে স্বীকৃতি পোৱা চৰাইদেউ  জিলাৰ এগৰাকী বিশিষ্ট  বুৰঞ্জীবিদ তুলসী নেওগক  সম্বৰ্ধনা জনোৱাৰ উদ্...


গণ বাৰ্তা ,৫নৱেম্বৰ , সাপেখাতী : ঐতিহ্য মিত্ৰ ৰূপে স্বীকৃতি পোৱা চৰাইদেউ  জিলাৰ এগৰাকী বিশিষ্ট  বুৰঞ্জীবিদ তুলসী নেওগক  সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি সাপেখাতী প্ৰেছ ক্লাৱৰ উদ্যোগত সাপেখাতী প্ৰেছ ক্লাৱত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হয় । প্ৰেছ ক্লাৱৰ সভাপতি কেশৱ গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দেশ্যে ব্যাখ্যা কৰে  সাপেখাতী প্ৰেছ ক্লাৱৰ সম্পাদক   ৰাজীৱ  কলিতাই।  প্ৰতিদিন কাকতৰ সাংবাদিক মুকুল বৰাই আঁত ধৰা সভাত  সাপেখাতী প্ৰেছ ক্লাৱৰ হৈ এখনি সম্বৰ্ধনা পত্ৰ ,চেলেং ,গামোচা আৰু সঁফুৰাৰে ঐতিহ্য মিত্ৰ" তুলসী নেওগক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উক্ত সভাতে  বীৰ লাচিত সেনাৰ হৈ চৰাইদেউ জিলাৰ  উপ সভাপতি পিংকু মহন্ত , যুৱ ছাত্ৰ পৰিষদৰ হৈ সাপেখাতীৰ সভাপতি দিবাকৰ বৰা ,চাহ জনজাতি ছাত্ৰ সন্থাৰ হৈ  সাপেখাতীৰ ক্ৰীড়া সম্পাদক অজিত কন্দ ,বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ হৈ সভাপতি জগত শইকীয়া , চাওঁতাল ছাত্ৰ সন্থাৰ  সাপেখাতীৰ সম্পাদক প্ৰবীণ তুদু , সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সাপেখাতীৰ  সভাপতি নূপুল গগৈ , ৱাৰিৱৰছ ৰ চৰাইদেউ  জিলাৰ সম্পাদিকা ৰূপামনি গগৈ , সদৌ চুতীয়া ছাত্ৰ সন্থাৰ  চৰাইদেও জিলাৰ  সম্পাদক ঋতু ৰাজ শইকীয়া, টাই আহোম যুৱ পৰিষদৰ  কেন্দ্ৰীয় মুখপাত্ৰ নবদ্বীপ বৰুৱা কেন্দ্ৰীয় মে ডাম মে ফি ৰ সম্পাদক সুৰুজ বুঢ়াগোহাঁই, আৰু গোর্খা জনগোষ্ঠীৰ হৈ চন্দ্ৰ বাহাদুৰ প্ৰধানে এখনকৈ গামোচা আৰু চেলেংৰে  সম্বৰ্ধনা জ্ঞাপন কৰে । উক্ত সভাতে  টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা কৃতি শিক্ষক অৰুণ গগৈ আৰু সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ চন্দ্ৰ বাহাদুৰ প্ৰধান  উপস্থিত থাকি  বুৰঞ্জীবিদ  তুলসী নেওঁগে  বহু বছৰ ধৰি ঐতিহ্যমণ্ডিত অবিভক্ত শিৱসাগৰ জিলাৰ  ইতিহাস চৰ্চা, বিকাশ, প্ৰচাৰ,প্ৰসাৰৰ ক্ষেত্ৰত তেওঁ  অনবদ্য অৱদান আগবঢ়াই অহাৰ  বিষয়ে বিতংকৈ উপস্থিত ৰাইজক অৱগত কৰাৰ লগতে তেখেতৰ সু স্বাস্থ্য কামনা কৰে ।

No comments