গণবাৰ্তা,ভূৰাগাঁও,৮ ডিচেম্বৰঃ লাহৰীঘাট অঞ্চলত বিগত কিছুদিন ধৰি দিনক-দিনে বৃদ্ধি পাব ধৰিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। অঞ্চলটোত কিছু অসাধুলোকে ন...
গণবাৰ্তা,ভূৰাগাঁও,৮ ডিচেম্বৰঃ লাহৰীঘাট অঞ্চলত বিগত কিছুদিন ধৰি দিনক-দিনে বৃদ্ধি পাব ধৰিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। অঞ্চলটোত কিছু অসাধুলোকে নিজৰ মুনাফা লাভৰ বাবে যুৱ প্ৰজন্মক ঠেলি দিছে মৰাত্মক ড্ৰাগছৰ কৰাল গ্ৰাহত। লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত বৰছলা আউটপোষ্টৰ আৰক্ষীয়ে অভিযান চলাই গৰৈমাৰীৰ পৰা দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে ২৭ টাকৈ ড্ৰাগছ ভৰ্তি কন্টিনাৰ সহ হাৰুণ ৰশ্বিদ আৰু ৰিয়াজ উদ্দিন নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত যুৱক দুজনক লাহৰীঘাট আৰক্ষীয়ে NDPS আইনৰ 21(b)/29 গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে।
No comments