গনবাৰ্তা মাণিকপুৰ, ১৭ ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ মাণিকপুৰত জিলা পৰিষদ প্ৰেক্ষাগৃহত ছেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ এখন ঋণ প্ৰদান শিবিৰ অনুষ্ঠিত হয়...
গনবাৰ্তা মাণিকপুৰ, ১৭ ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ মাণিকপুৰত জিলা পৰিষদ প্ৰেক্ষাগৃহত ছেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ এখন ঋণ প্ৰদান শিবিৰ অনুষ্ঠিত হয়। এই অনুষ্ঠানত বহু সংখ্যক আত্ম সহায়ক গোটৰ কৰ্মী উপস্থিত থকাৰ লগতে ছেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ বৰপেটা ৰোড শাখাৰ মূখ্য প্ৰবন্ধক এচ কে শ্ৰীবাস্তৱ, মাণিকপুৰ ব্লকৰ খণ্ড উন্নয়ন বিষয়া ইছলামুদ্দিন আহমেদ, LDM হিমতসিং ইছলাৰী, DDM এলাৰাম দেউৰী, মূখ্য কাৰ্যবাহী বিষয়া নাদিৰা জেছমিন, জিলা পৰিষদৰ অধ্যক্ষ বিজয় সিং, DPM ASLRM প্লোৰাই মুছাহাৰী, ছেন্ট্ৰেল বেংকৰ HR Head নৃপেন সাহা, ছেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ পাতিলাদহা শাখাৰ শাখা প্ৰবন্ধক আৰু মাণিকপুৰ শাখাৰ শাখা প্ৰবন্ধক উপস্থিত থাকে।
এই ঋণ প্ৰদান শিবিৰত আত্ম সহায়ক গোট সমূহ আত্মনিৰ্ভৰশীল হোৱাৰ উদ্দেশ্যেৰে ছেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ পাতিলাদহা শাখাৰ পৰা ২৪ টা গোটৰ মাজত মুঠ ৫২ লাখ টকা আৰু মাণিকপুৰ শাখাৰ পৰা ৩২ টা গোটৰ মাজত মুঠ ৪৭ লাখ টকা সৰ্বমুঠ ৯৯ লাখ টকাৰ চেক বিতৰণ কৰা হয় বুলি জানিব পৰা গৈছে। আত্ম সহায়ক গোট সমূহে এই ঋণৰ দ্বাৰা আত্ম নিৰ্ভৰশীল হোৱাৰ উদ্দেশ্যেৰে এই ঋণ প্ৰদান কৰা বুলি বেংক কতৃপক্ষৰ ফালৰ পৰা জানিবলৈ দিয়ে।
No comments