ছাদিকুজ জামান, মোৰাঝাৰ, ২৩ ডিচেম্বৰ: হোজাইৰ যোগীজান শিক্ষা খণ্ডৰ অন্তৰ্গত মৌডংগা পথাৰস্থিত ফৰিদ উদ্দিন আহমেদ প্ৰাথমিক বিদ্যালয়ত সোমবাৰে শিক...
ছাদিকুজ জামান, মোৰাঝাৰ, ২৩ ডিচেম্বৰ: হোজাইৰ যোগীজান শিক্ষা খণ্ডৰ অন্তৰ্গত মৌডংগা পথাৰস্থিত ফৰিদ উদ্দিন আহমেদ প্ৰাথমিক বিদ্যালয়ত সোমবাৰে শিক্ষা সজাগতা সভা আৰু সম্বৰ্ধনা অনুষ্ঠান হৈ যায়৷এই উপলক্ষে অনুষ্ঠিত সভাৰ সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ফৰিদ উদ্দিন আহমেদে আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষকে৷সভাত মুখ্য অতিথি হিচাপে উপস্থিত ডিপিঅ হোজাই জিলা শংকৰদেৱ নগৰ অশোক কুমাৰ গগৈ,নীলবাগান মডেল উচ্চতৰ মাধ্যামিক বিদ্যালয়ৰ বিষয় শিক্ষক মোস্তাফা আহমেদ,মোৰাঝাৰ জিলা পৰিষদৰ সদস্য ৰেজিয়া চুলতানা,বিশিষ্ট শিক্ষক জয়নুল ইছলাম,হোজাই জিলা আমছুৰ সভাপতি ফাহিম ইকবাল,বৰহাওৰ আঞ্চলিক আমছুৰ সভাপতি মুজিবুৰ ৰহমানকে ধৰি বহু কেইজন গণ্যমান্য লোক উপস্থিত থাকি ভাষণ আগবঢ়ায়৷উল্লেখ থাকে যে উপস্থিত প্ৰতিগৰাকী অতিথিয়ে বিদ্যালয়ৰ সামগ্ৰীক পৰিৱেশ দেখি অভিভুত হৈ বিশিষ্ট নাগৰিক তথা শিক্ষানুৰাগী ফৰিদ উদ্দিন আহমেদক ভূয়সী প্ৰশংসা কৰে৷এই অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল কাদিৰ, আব্দুল খালিক, জামাল আহমেদকে ধৰি সদ্য এম ফিল ডিগ্ৰী প্ৰাপ্ত মবৰুল আহমেদ,নিট পৰীক্ষাত উওীৰ্ণ ইজাজ আহমেদকে ধৰি ফৰিদ উদ্দিন আহমেদ বিদ্যালয়ৰ সদ্য বৃওিপ্ৰাপ্ত পাঁচগৰাকী কৃতী ছাত্ৰী ক্ৰমে নাছৰিনা বেগম,চোহানি বেগম,দুলহানা বেগম,আছিফা নাছৰিন,মেহনাজ আফৰিনক গামোচা, জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷উল্লেখ যোগ্য যে কেবা শতাধিক বিদাৰ্থী উপস্থিত থকা সভাত বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী হালিমা বেগম,জিয়া উদ্দিন আৰু শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক উপস্থিত থাকে৷
No comments