Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাজীৱ শুক্লা হ'ব পাৰে বিচিচিআইৰ পৰৱৰ্তী উপ-সভাপতি

  নতুন দিল্লী, ১৭ ডিচেম্বৰ: ৰাজীৱ শুক্লা হ'ব পাৰে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বিচিচিআই)ৰ পৰৱৰ্তী উপ সভাপতি। খবৰ অনুসৰি ২৪ ডিচেম্ব...

 


নতুন দিল্লী, ১৭ ডিচেম্বৰ: ৰাজীৱ শুক্লা হ'ব পাৰে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বিচিচিআই)ৰ পৰৱৰ্তী উপ সভাপতি। খবৰ অনুসৰি ২৪ ডিচেম্বৰত হ'বলগীয়া বিচিচিআইৰ বৈঠকত তেওঁৰ নাম চূড়ান্ত হ'ব পাৰে। বিচিচিআয়ে তেওঁক উপ-সভাপতিৰূপে নিৰ্বাচন কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে।আনহাতে ব্ৰিজেছ পেটেল আইপিএলৰ অধ্যক্ষ হৈ থাকিব পাৰে।ৰাজীৱ শুক্লা এজন  কংগ্ৰেছ নেতা। তেওঁ ২০১৮ চনত ইণ্ডিয়ান প্ৰিমিৰ লীগ (আই পি এল)ৰ চেয়াৰমেন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০১৭ চনলৈকে উত্তৰ প্ৰদেশ ক্ৰিকেট এছ'চিয়েচন (UPCA) ৰ সভাপতিও আছিল। তেওঁ বিচিচিআইৰ উপ সভাপতিৰ দায়িত্ব ললে সহায়ক হ'ব অধক্ষ্য সৌৰভ গাংগুলীৰ। খবৰ অনুসৰি বিচিচিআয়ে এই উপ সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত নকৰে, কিয়নো ৰাজীৱ শুক্লাক এই পদৰ বাবে সকলোৱে বাছনি কৰিছে।

No comments