Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

২০ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ দ্বিতীয় ঢকুৱাখনা গ্ৰন্থমেলা

গণবাৰ্তা,ঢকুৱাখনা,১৬ ডিচেম্বৰ:  ঢকুৱাখনাৰ নতুন প্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে অধ্যয়ন পিপাসু পাঠকসকলকৰ মাজত গ্ৰন্থৰ যোগান সহজলভ্...


গণবাৰ্তা,ঢকুৱাখনা,১৬ ডিচেম্বৰ: ঢকুৱাখনাৰ নতুন প্ৰজন্মক কিতাপৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে অধ্যয়ন পিপাসু পাঠকসকলকৰ মাজত গ্ৰন্থৰ যোগান সহজলভ্য কৰি তুলিবলৈ দ্বিতীয় বাৰৰ বাবে ঢকুৱাখনা গ্ৰন্থমেলা সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাইছে। অহা ২০ৰ পৰা ২৫ ডিচেম্বৰলৈ ঢকুৱাখনাৰ তাই সাংস্কৃতিক গৱেষণা-বিকাশ কেন্দ্ৰৰ প্ৰাংগণত ছয় দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় ঢকুৱাখনা গ্ৰন্থমেলাৰ বাবে ইতিমধ্যে ডঃ গিৰিন গগৈক সভাপতি, ৰিতু কুমাৰ দাসক সম্পাদক আৰু বহু কেইখন উপ সমিতি গঠন কৰি আয়োজক সমিতিয়ে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। আজি গ্ৰন্থমেলা আয়োজন কৰা স্থলীত এখন সংবাদমেল আয়োজন কৰি অনুষ্ঠানৰ সম্পৰ্কত বিতংভাৱে অৱগত কৰে প্ৰচাৰ সম্পাদক পৰাণজ্যোতি বৰা আৰু সভাপতি ডঃ গিৰিন গগৈয়ে।  সেই অনুসৰি ২০ ডিচেম্বৰৰ  পুৱা ৯ বজাত গ্ৰন্থমেলাৰ  পতাকা উত্তোলনেৰে ৫ দিনীয়া কাৰ্যসূচী শুভাৰম্ভ কৰিব আয়োজক সমিতিৰ সভাপতি ডঃ গিৰিন গগৈয়ে।ইয়াৰ পিছতে গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰিব অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই।দুপৰীয়া ১২ বজাত গ্ৰন্থ উন্মোচনী সভা।বিয়লি ৪-৩০ বজাৰ পৰা স্থানীয় শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয় আৰু ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান ।২১ ডিচেম্বৰৰ পুৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা।বিয়লি ৩ বজাত বাসুদেৱ থান নৰুৱা সত্ৰৰ বৈকুণ্ঠী সত্ৰাধিকাৰ ৰূপেন্দ্ৰ দেৱগোস্বামী আতা সোঁৱৰণী কবি সন্মিলন।কবি মৌচুমী গগৈ হাতীবৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত হ'বলগীয়া কবি সন্মিলনখনি উদ্বোধন কৰিব বিশিষ্ট কবি ডাঃ প্ৰণয় ফুকনে।২২  ডিচেম্বৰত পুৱা ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা।বিয়লি ৩ বজাত বিশিষ্ট লেখক অমিয় কুমাৰ সন্দিকৈৰ সঞ্চালনাত অনুষ্ঠিত হব স্থানীয় লেখক-লেখিকাৰ অন্তৰংগ আলাপ অনুষ্ঠান।২৩ ডিচেম্বৰৰ  পুৱা ছাত্ৰ-ছাত্ৰীৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতা।বিয়লি ২ বজাত বাটৰ নাট প্ৰদর্শন।সন্ধিয়ালৈ সাংস্কৃতিক অনুষ্ঠান।২৪ ডিচেম্বৰৰ পুৱা প্ৰয়াত দিব্য কুমাৰ সন্দিকৈ সোঁৱৰণী "ঢকুৱাখনাৰ ঐতিহ্য আৰু ইতিহাস" শীৰ্ষক আলোচনা চক্ৰ।হাৰ্হি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মানস জ্যোতি নেওগৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া আলোচনা চক্ৰখনি উদ্বোধন কৰিব মিচিং সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক কালিনাথ পাংগিঙে।বিয়লিলৈ উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক অনুষ্ঠান।অন্তিম দিনা পুৱা ১১ বজাত মুকলি সভা ।

গ্ৰন্থমেলা সমিতিৰ সভাপতি  ডঃ গিৰিন গগৈৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া মুকলি সভাত লেখক-ৰাজনৈতিক পৰ্য্যালোচক ডঃ ননীগোপাল মহন্ত,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ অখিল ৰঞ্জন দত্ত,বিশিষ্ট কবি শিৱ প্ৰসাদ গগৈ,লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক লংনিত তেৰং আদিকে কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব।

No comments