Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

হিমন্ত আৰু বিজেপিৰ গীত এতিয়া ৰাইজে নুশুনে--ৰিপুন বৰা

  মৰিগাঁও,১০ ডিচেম্বৰ: আগন্তুক তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক দল বিজেপিৰ লগতে কংগ্ৰেছ দলেও নিৰ্বাচনী প্ৰচাৰ অৱ্যাহত ৰাখিছে...

 


মৰিগাঁও,১০ ডিচেম্বৰ: আগন্তুক তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক দল বিজেপিৰ লগতে কংগ্ৰেছ দলেও নিৰ্বাচনী প্ৰচাৰ অৱ্যাহত ৰাখিছে। বিটিআৰ নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহন চলি থকা সময়তে মৰিগাঁৱৰ বাৰপূজীয়াত তিৱা স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা। বিটিআৰত ৰাজ্যৰ প্ৰতাপী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’ নৃত্যৰ পিছতে আজি কংগ্ৰেছৰ সভাপতি সহ ন-কংগ্ৰেছী নেতা বাবু বৰুৱা ,অজয় ফুকন, নেকিবৰ লগতে কংগ্ৰেছী নেতা কৰ্মীয়ে আজি মৰিগাঁৱত তিৱা স্বায়ত্ব পৰিষদৰ কংগ্ৰেছৰ নিৰ্বাচনী সভাত বিজেপিৰ বিৰুদ্ধে গীত গাই ডেকা- বুঢ়া সকলোকে নচোৱাৰ লগতে ২০ নং বাৰপুজীয়া তিৱা পৰিষদীয় সমষ্টি অচ্যুত গাওঁখোৱাৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভোট বিচৰাৰ লগতে মৰিগাঁৱৰ বহুকেইখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই মন্ত্ৰী হিমন্তক কটাক্ষ কৰি কয় যে-- হিমন্ত আৰু বিজেপিৰ গীত এতিয়া ৰাইজে নুশুনে। তিৱা নিৰ্বাচনত ৩৬ খন আসনৰ ভিতৰত অধিকাংশ ৰাইজে কংগ্ৰেছক ভোট দি তিৱা স্বায়ত্ব পৰিষদ কংগ্ৰেছে গঠন কৰিব বুলি মন্তব্য কৰে৷ ইপিনে, তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত প্ৰদেশ কংগ্ৰেছৰ নেতাৰ লগতে মৰিগাঁও জিলা কংগ্ৰেছৰ বহু নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে।

No comments