Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ভকত পমুৱাত কৃষক আইন বাতিলৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী

 গণ বাৰ্তা,পশ্চিম যোৰহাট,৮ডিচেম্বৰ: ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম যোৰহাটতো পৰিল ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। দিল্লীৰ কৃষক আন্দোলনৰ স...


 গণ বাৰ্তা,পশ্চিম যোৰহাট,৮ডিচেম্বৰ: ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিম যোৰহাটতো পৰিল ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ। দিল্লীৰ কৃষক আন্দোলনৰ সমৰ্থনত কৃষক বিৰোধী তিনিখন কৃষি আইন  বাতিলৰ দাবীত স্হানীয় কৃষক ৰাইজৰ লগতে কৃষক সংগঠন সমূহে ম'হবন্ধা ভকত পমুৱাৰ পথাৰত ওলাই আহি  আজি পুৱা ৯বজাত প্ৰতিবাদ কৰে। ভাৰত বন্ধৰ সমৰ্থনত শতাধিক কৃষকৰ উপস্হিতিত আয়োজিত এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড°দেৱব্ৰত শৰ্মা, যোৰহাট মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড°বিদ্যুত বৰা,আদিবাসী নেতা তথা মুৰমুৰীয়া চাওৰা লাইন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক  কিৰণ কুমাৰ তাঁতী, অসম মজুৰি শ্ৰমিক ইউনিয়নৰ যোৰহাট জিলাৰ সভাপতি ৰফিক হুছেইন,কৃষক নেতা টুৱাপদ ৰুহিদাস,বিৰেন সিং ঘাটোৱাৰ,দীপক ৰুহিদাস আদিয়ে  ভাষণ প্ৰসংগত চৰকাৰে যদি এই আইন অতিশীঘ্ৰে বাতিল নকৰে তেন্তে ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী তিনিখনকৈ কলা আইন বলবৎ কৰাৰ প্ৰতিবাদত  আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি সমৰ্থন জনাই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি স্হানীয় সমাজসেৱী পংকজ কুমাৰ দাসে কয় যে "কৃষক হ'ল ভাৰত ৰাষ্ট্ৰৰ অন্নদাতা। অন্নদাতাক ন্যায় প্ৰদান কৰাটো গনতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰৰ নৈতিক দায়িত্ব।"উল্লেখ্য যে পুৱা ৫ বজাৰ পৰা  সমগ্ৰ পশ্চিম যোৰহাটৰ দোকান -পোহাৰ, গড়ী- মটৰ বন্ধ ৰাখি স্বতস্ফূৰ্ত ভাৱে ৰাইজে বন্ধ পালন কৰা পৰিলক্ষিত হ' ল।

No comments