Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অস্ত্ৰমুক্ত বিটিচিত পুনৰ বন্দুকধাৰী লোকৰ সন্ত্ৰাস; তামুলপুৰৰ মেশগুৰীৰ পুখুৰীপাৰ গাওঁত গুলিচালনা

আৰিফ আহমেদ,তামুলপুৰ,২২ ডিচেম্বৰ: যোৱা নিশা অস্ত্ৰধাৰী তিনি অচিনাক্ত দুৰ্বৃত্তই তামুলপুৰৰ মেশগুৰীৰ পুখুৰীপাৰ এজন খেতিয়কৰ ঘৰত টাৰ্গেট কৰি গুলি...


আৰিফ আহমেদ,তামুলপুৰ,২২ ডিচেম্বৰ: যোৱা নিশা অস্ত্ৰধাৰী তিনি অচিনাক্ত দুৰ্বৃত্তই তামুলপুৰৰ মেশগুৰীৰ পুখুৰীপাৰ এজন খেতিয়কৰ ঘৰত টাৰ্গেট কৰি গুলি চলায় । জানিৱ পৰা মতে তিনিওজন যুৱক মুখত কলা কাপোৰ বান্ধি অঞ্চলটোৰ কৃষ্ণ দাস নামৰ লোকজনৰ ঘৰত প্ৰৱেশ কৰি সংঘটিত কৰে এই গুলিচালনাৰ ঘটনা। প্ৰথমতে পৰিয়ালৰ লোকক টোপনিৰ পৰা উঠাই ভয়-ভাবুকি দিয়ে আৰু তাৰ পিছতে প্ৰতিটো শুৱনি কোঠাত প্ৰৱেশ কৰে দুৰ্বৃত্তৰ দলটো। কথামপী পৰিয়ালৰ এজন সদস্যই ঘৰৰ খিৰিকীৰে পলাই স্থানীয় লোকক মাতি চিঞৰ-বাখৰ কৰাত দুৰ্বৃত্তৰ দলটো গুলিফুটাই পলায়ন কৰে গৃহটোৰ পৰা। কৃষ্ণ দাসৰ লগতে তেওঁৰ পত্নী সুমতী দাসকো ভাবুকি দিয়ে দুৰ্বৃত্তৰ দলটিয়ে। স্থানীয় লোকৰ চিঞয়-বাখৰ শুনি পৰিয়ালৰটোৰ ঘৰৰ কাষতে থকা মটঙা নৈৰ মাজেৰে পলাই যায় দুৰ্বৃত্তৰ দলটো।ঘটনাৰ খবৰ পোৱা মাত্ৰকে, কুমাৰীকাটা আৰক্ষী চকীৰ বিষয়া নিলভ জ্যৌতি নাথ আৰু তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিষয়া মনোৰঞ্জন মেধি উপস্থিত হয় ঘটনাস্থলীত আৰু পৰিয়ালটোৰ ঘৰৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে ৯ এম এম পিষ্টলৰ গুলিৰ অৱশিষ্ট। নিশাই ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াই উপস্থিত হৈ আৰম্ভ কৰে অনুসন্ধান। ঘটনাত কোনো লোক হতাহতি হোৱা নাই যদিও নিশা অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ আতংকম পৰিস্থিতিৰ। যি সময়ত বিটিচিত অস্ত্ৰমুক্ত, বন্দুকৰ ভয় ভাবুকি নোহোৱা হল বুলি চৰ্চা চলি আহিছে তেনে অৱস্থাত এই গুলিচালনাৰ ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে নেকি যে বিটিচিত এতিয়াও অস্ত্ৰধাৰী লোকৰ দপদপনি সৰৱ হৈ আছে ?

No comments