Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঢেকিয়াজুলিৰ শিঙৰীত কৃষকৰ মুখত বিৰিঙিছে হাঁহি; বিলাহী খেতি কৰি পাইছে উচিত মূল্য

গণবাৰ্তা বিশেষ,ঢেকিয়াজুলি, ১৬ডিচেম্বৰঃ   এইবাৰ কৃষকে নিজৰ উৎপাদিত ফচলৰ উচিত মূল্য লাভ কৰাত হাঁহি বিৰিঙিছে কৃষকৰ মুখত ৷ কৃষকে খেতিৰ পৰাই বিলা...


গণবাৰ্তা বিশেষ,ঢেকিয়াজুলি, ১৬ডিচেম্বৰঃ এইবাৰ কৃষকে নিজৰ উৎপাদিত ফচলৰ উচিত মূল্য লাভ কৰাত হাঁহি বিৰিঙিছে কৃষকৰ মুখত ৷ কৃষকে খেতিৰ পৰাই বিলাহীৰ পাইকাৰী মুল্য প্ৰতিকেজি ৫০টকাত বিক্ৰী কৰিছে৷বিলাহী খেতি কৰি বিলাহীৰ উচিত মূল্য  পাই ঢেকিয়াজুলিৰ শিঙৰীৰ চহা কৃষকৰ মুখত এতিয়া হাঁহি বিৰিঙিছে৷ইপিনে বজাৰত এতিয়াও ৭০-পৰা ৮০টকা প্ৰতি কেজি বিলাহী গ্ৰাহকে ক্ৰয় কৰিব লগা হৈছে৷তেনে সময়তে কৃষক সকলেও বিলাহী খেতিতে বেপাৰীক পাইকাৰী ৫০টকা প্ৰতি কেজি বিক্ৰী কৰিব পাৰি লাভান্বিত হৈছে  ঢেকিয়াজুলিৰ শিঙৰীৰ কৃষকে৷উল্লেখ্য যে বিগত বছৰত এইটো সময়ত বিলাহী কৃষক সকলে পানীৰ দৰত বিক্ৰী কৰিছিল৷কিন্তু এইবছৰ কৃষকে বিলাহীৰ উচিত মূল্য পাবলৈ সক্ষম হৈছে৷ ঢেকিয়াজুলিৰ শিঙৰীৰ ব্ৰহ্মপুত্ৰ চাপৰিত চহা কৃষক সকলে বিঘাই বিঘাই মাটিত বিলাহী খেতি কৰিছিল৷এই সকল কৃষকৰ বিলাহী খেতিৰ পৰাই পাইকাৰী ৫০টকা প্ৰতি কেজিত বিক্ৰী কৰি মুখত হাঁহি বিৰিঙিছে৷কিয়নো এইবাৰ কৃষক সকলে উৎপাদিত ফচলৰ উচিত মূল্য পাবলৈ সক্ষম হৈছে৷ নিজৰ মুল ধন খৰছ কৰি বিলাহী খেতি কৰি এইবাৰ লাভান্বিত হৈছে এই সকল কৃষক৷এই সন্দৰ্ভত চিকন্দৰ চৌহান নামৰ কৃষক জনে কয়-বিগত বৰ্ষত এইটো সময়ত আমি পানীৰ দৰত বিলাহী বিক্ৰী কৰিব লগা হৈছিল৷যথেষ্ট খৰছ কৰি বিলাহী খেতি কৰি বৃহৎ লোকচান ভৰিব লগা হৈছিল৷কিন্তু এইবাৰ বিলাহীৰ উচিত মূল্য পোৱা গৈছে৷ইয়াৰ দ্বাৰা তেওঁলোকে উপাৰ্জন কৰিব পাৰিব বুলি জানিবলৈ দিয়ে৷


No comments