ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট,১৩ ডিচেম্বৰ: আাকাশ বানীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ, সুৰকাৰ তথা যোৰহাটৰ বৰ্ষীয়ান সমাজহিতৈষী ব্যক্তি নিত্যৰঞ্জন বৰঠাকুৰ...
ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট,১৩ ডিচেম্বৰ: আাকাশ বানীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ, সুৰকাৰ তথা যোৰহাটৰ বৰ্ষীয়ান সমাজহিতৈষী ব্যক্তি নিত্যৰঞ্জন বৰঠাকুৰে ৯৩ বছৰত পদাপৰ্ণ কৰিলে৷ তদুপলক্ষে যোৰহাটৰ অনাতাঁৰ শিল্পী মঞ্চৰ উদ্যোগত ব্যক্তিগৰাকীৰ জেইলৰোডস্হিত বাসগৃহত অনুস্থিত প্ৰীতি সন্মিলনত তেওঁক উষ্ণ অভিনন্দন জনায় ৷ চিকিৎসক আাৰু কন্ঠশিল্পী ডা: দেবজিত শৰ্মাই আঁত ধৰা উক্ত অনুষ্ঠানত চিন্ময় ভট্টাচাৰ্য,মন্দিৰা ভট্টাচাৰ্য,ৰশ্মিৰেখা কাকতি বৰুৱা,ৰঞ্জন কুমাৰ দত্ত,পপী ঠাকুৰ,মিহিৰ বেজবৰুৱা,নিকুমনি শৰ্মাকে ধৰি কেবাগৰাকী অনাতাঁৰ কন্ঠ শিল্পীয়ে গীতেৰে বৰ্ষীয়ান শিল্পীগৰাকীৰ প্ৰতি শুভকামনা জ্ঞাপন কৰাৰ লগতে সুস্বাস্হ্য আৰু সুদীৰ্ঘ জীৱন কামনা কৰে ৷ উল্লেখযোগ্য যে শিল্পীগৰাকীয়ে অনাতাঁৰ শিল্পী মঞ্চৰ বৰ্তমান সভাপতি পদ অলংকৃত কৰি আছে ৷ তদুপৰি তেওঁ জড়িত হৈ থকা যোৰহাট থিয়েটাৰকে ধৰি আন বহুতো শুভাকাংক্ষীয়ে কালি উক্ত অনুষ্ঠানত তেওঁক অভিনন্দন জনায় ৷ কালিৰ অনুষ্ঠানটোত বাদ্যযন্ত্ৰৰে সহযোগ আগবঢ়ায় শিল্পী কল্যাণ চাংককতিয়ে ৷ উল্লেখ্য যে বৰঠাকুৰে ৰচনা কৰা ভালেমান গীত আকাশবানীযোগে মৃদুলা দাস,দেবজিত শৰ্মা,মিনু বৰুৱা আদি বহু জনপ্ৰিয় কন্ঠশিল্পীয়ে প্ৰচাৰ কৰি আহিছে ৷
No comments