Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গৰৈমাৰীৰ জোৰশিমূলীত কংগ্ৰেছ দলৰ বিশাল যোগদান সভা ; ৮ গৰাকীকৈ ৱাৰ্ড সদস্যৰ লগতে সহশ্ৰাধিক অগপ , বিজেপি -,এ আই ইউ ডি এফ কৰ্মীৰ কংগ্ৰেছত যোগদান

গণ বাৰ্তা গৰৈমাৰী,২০ ডিচেম্বৰ : সমাগত বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ আন আন সমষ্টিৰ লগতে কামৰূপ জিলাৰ ৪৯ নং ছয়গাঁও সমষ্...


গণ বাৰ্তা গৰৈমাৰী,২০ ডিচেম্বৰ : সমাগত বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ আন আন সমষ্টিৰ লগতে কামৰূপ জিলাৰ ৪৯ নং ছয়গাঁও সমষ্টিতো ক্ৰমাৎ তুংগত উঠিছে  ভাৰতীয় কংগ্ৰেছ দলৰ প্ৰাক  নিৰ্বাচনী কুচ-কাৱাজ ।  প্ৰদেশ কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক তথা ছয়গাঁও সমষ্টিৰ তত্বাৱধায়ক নাছিৰ উদ্দিন খানে সংখ্যালঘু প্ৰধান সমষ্টিটোত এইবাৰ কংগ্ৰেছ দলৰ ব্যাপক উত্থান হোৱা পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰি আগন্তুক ২০২১ ৰ নিৰ্বাচনত কংগ্ৰেছ দলেই চৰকাৰ গঠন বুলি দাবী কৰে। জোৰশিমুলী মণ্ডল কংগ্ৰেছৰ সভাপতি আশ্ৰৱ আলী আহমেদৰ পৌৰহিত্বত অনুষ্ঠিত হোৱা যোগদান সভাখনত মুখ্য অতিথি হিচাবে ছয়গাঁৱ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে অংশ গ্ৰহন কৰি কয় যে ভাৰতীয় কংগ্ৰেছত সকলোৰে বাবে দোৱাৰ খোলা আছে।ছয়গাও সমষ্টিৰ বিভিন্ন উন্নয়ন মূলক কামৰ ক্ষতিয়ান দাঙি ধৰি আৰু কৰিবলগীয়া কামৰ বিষয়ে ৰাইজক জানিবলৈ দিয়ে বিধায়ক গৰাকীয়ে।সমষ্টি উন্নয়নৰ স্বাৰ্থত বিজেপিৰ মন্ত্ৰীৰ ওচৰত গলেই যে ৰেকিবুদ্দিনে বিজেপিলৈ যাব বুলি যি সমালোচনা কৰে সেইয়া একাংশ চকু চৰহা লোকৰ ভুৱা অপপ্ৰচাৰ।ৰেকিবুদ্দিন আহমেদে জীয়াই থকালৈকে কংগ্ৰেছ দল কৰি যাব বুলি ৰাইজক আশ্বস্ত কৰে।অগপ নেতাৰ ভয় ভাবুকিত কংগ্ৰেছৰ বহু কৰ্মী তথা পঞ্চায়ত প্ৰতিনিধিক অগপ দলত যোগদান কৰাইছিল বুলি বিধায়ক ৰেকিবুদ্দিন আহমেদে অগপ নেতা গৰাকীক ক্ষুৰধাৰ সমালোচনা কৰে। আনফালে কংগ্ৰেছ এ আই ইউ ডি এফৰ মহাজোঁটবন্ধনক আদৰণি জনাইছে নেতাদ্বয়ে । সাম্প্ৰদায়িক তথা সংখ্যালঘু বিৰোধী বি জে পি দলক প্ৰতিহত কৰিবলৈ সকলো কংগ্ৰেছ কৰ্মীকে সৰ্বস্ব উজাৰি দিবলৈ আহ্বান জনায় ৷ উল্লেখ্য, এই যোগদান সভাখনত গৰৈমাৰী উন্নয়ন খণ্ডৰ এলেকাধীন জোৰশিমূলী গাওঁপঞ্চায়তৰ আঠ গৰাকী পঞ্চায়ত সদস্য- সদস্যাকে ধৰি  জোৰশিমূলী গাওঁপঞ্চায়তৰ বিভিন্ন ৱাৰ্ডৰ কেইবা শতাধিক অগপ, বিজেপি, এ আই ইউ ডি এফ আৰু তৃণমূল কংগ্ৰেছ দলৰ বলিষ্ঠ নেতা ও কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ওচৰত কংগ্ৰেছ দলত যোগদান কৰে ৷ ইফালে,  যোগদান সভাখনত দলত্যাগী  ৱাৰ্ড সদ্স্য আৰু  অগপ কৰ্মীয়ে কিয় কংগ্ৰেছ দলত যোগদান কৰিলে লগতে বিৰোধী অগপ দলৰ বিৰুদ্ধে উদ্ধাত্ত বক্তব্য ৰাখে লগতে আজিৰ পৰা ছয়গাঁৱ সমষ্টিৰ জোৰশিমূলী গাওঁপঞ্চায়ত অগপমুক্ত হোৱা বুলি ঘোষণা কৰে ৷ যোগদান সভাত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ সংখ্যালঘু কোষৰ সাধাৰণ সম্পাদক আজিৰুল সৰকাৰ, এন এচ ইউ আইৰ কামৰূপ জিলাৰ সাধাৰণ সম্পাদক জাহাংগীৰ আলম, কামৰূপ জিলা সংখ্যলঘু কোষৰ সভাপতি আব্দুল ৰহমান, ছয়গাঁৱ সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি নজমুল হক, গৰৈমাৰী ব্লক কংগ্ৰেছৰ সভাপতি ছামচুল হক,  গৰৈমাৰী আৰু পূৱ ছমৰীয়া জিলা পৰিষদ সদস্য ক্ৰমে ছাহেল উদ্দিন আৰু মজিদা বেগম,গৰৈমাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি লোকমান হুছেইন,কংগ্ৰেছ নেতা ছেকেন্দাৰ আলী প্ৰমূখ্যে কংগ্ৰেছ দলৰ বিভিন্ন ছেলৰ নেতৃবৃন্দকে ধৰি বিভিন্ন গাওঁপঞ্চায়তৰ পঞ্চায়ত প্ৰতিনিধিসকল উপস্থিত থাকে ।

No comments