Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জিলা উপায়ুক্তৰ সংবাদমেল: নিৰ্বাচনৰ বাবে সাজু চিৰাং জিলা

সঞ্জয় সৰকাৰ , কাজলগাঁও , ৮ ডিচেম্বৰ : দ্বিতীয় পৰ্যায়ত অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে চিৰাং জিলা প্ৰশাসনে প্ৰস্...



সঞ্জয় সৰকাৰ , কাজলগাঁও , ৮ ডিচেম্বৰ : দ্বিতীয় পৰ্যায়ত অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিটিচি নিৰ্বাচনৰ বাবে চিৰাং জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে । বিটিচি পৰিষদীয় নিৰ্ব্বাচনৰ বাবে জিলাখনৰ প্ৰস্তুতি সন্দৰ্ভত আজি বিয়লি ৪ বজাত চিৰাং জিলা উপায়ুক্ত তথা জিলা ৰিটাৰ্নিং বিষয়া গৌতম তালুকদাৰে কাজলগাঁওস্থিত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত আয়োজিত এক সংবাদমেল সম্বোধন কৰি জিলাখনৰ কাজলগাঁও সদৰ মহকুমাৰ অন্তৰ্গত ১৩ নং চিৰাং ( জনজাতি ) , ১৪ নং চিৰাং দুৱাৰ ( জনজাতি ) আৰু ১৫ নং কাজলগাঁও ( জনজাতি ) সমষ্টিৰ ব্যাপক প্ৰস্তুতি সন্দৰ্ভত সদৰি কৰে । উপায়ুক্ত গৰাকীয়ে কয় যে , জিলাখনৰ উল্লেখিত সমষ্টি তিনিটাৰ বাবে ইতিমধ্যে প্ৰায়বোৰ কাম সম্পন্ন কৰা হৈছে । কাইলৈ অৰ্থাৎ অহা ৯ ডিচেম্বৰত ইতিমধ্যে নিযুক্ত পলিং অফিচাৰসকলে বিভিন্ন আচবাবসমুহ জিলা পাৰেড গ্ৰাউণ্ডৰ পৰা সংগ্ৰহ কৰি নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ গতি কৰিব । কাইলৈৰ দিনটোত জিলাখনৰ অন্তৰ্গত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ছেনিটাইজেছনৰ ব্যৱস্থা কৰা হৈছে । প্ৰতিজন পলিং অফিচাৰক ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱাৰ পূৰ্বে কোভিড টেষ্ট বাধ্যতামুলক কৰা হৈছে । ভোট গ্ৰহণ কৰাৰ সময়ত পোলিং অফিচাৰ সকলৰ লগতে ভোটাৰ সকলেও মাস্ক পৰিধান কৰাটো বাধ্যতামুলক কৰা হৈছে বুলিও উপায়ুক্ত গৰাকীয়ে লগতে সদৰি কৰে । ইপিনে উল্লেখিত তিনিটা সমষ্টিৰ মুঠ ২২৮ টা ভোটগ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰি নিৰাপত্তাৰ দিশতো বিশেষ গুৰুত্ব দিয়া হৈছে বুলি কয় । ভোট গ্ৰহণৰ দিশটো নিৰীক্ষণৰ বাবে মুঠ ৬১ টা কেন্দ্ৰত ভিডিও গ্ৰাফিৰ ব্যৱস্থা কৰা হৈছে । প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত আৰক্ষীৰ উপৰিও অস্ত্ৰধাৰী নিৰাপত্তাৰক্ষীও মজুত থাকিব । ভোট গননাৰ ক্ষেত্ৰত প্ৰতিটো সমষ্টিৰ বাবে দুটাকৈ কাউন্টিং হ'ল ৰখা হৈছে য'ত ৭ টাকৈ টেবুল থাকিব । সকলো ঠিকে ঠাকে চলিলে ১২ তাৰিখে ভোটগননাৰ পৰ্ব সন্ধিয়া হোৱাৰ পূৰ্বেই সম্পন্ন হ'ব বুলি আশা ব্যক্ত কৰে । জিলাখনত ইতিমধ্যে তিনিওটা সমষ্টিৰ বাবে মুঠ ৫৬৮ টা পোষ্টাল বেলট ( ইলেকচন ডিউটি বেলট ) ইছ্যু কৰা হৈছে । উল্লেখ্য যে , ১৩ নং চিৰাং সমষ্টিৰ মুঠ ভোটাৰ ৬১,৯৩৪ গৰাকী , ১৪ নং চিৰাং দুৱাৰ সমষ্টিৰ মুঠ ভোটাৰ ৫০,০৩৮ গৰাকী  আৰু ১৫ নং কাজলগাঁও সমষ্টিৰ ৫৬,২৫২ গৰাকী ভোটাৰকে ধৰি তিনিটা সমষ্টিৰ সৰ্বমুঠ ১,৬৮,২২৪ গৰাকী ভোটাৰ আছে বুলি প্ৰশাসন সূত্ৰে জানিব পৰা গৈছে । 


No comments