গণ বাৰ্তা, শালবাৰী, ২২ ডিচেম্বৰ: এতিয়াও যেন অন্ত নপৰিল ঠায়ে ঠায়ে নিৰ্বাচনী হিংসা৷ যোৱাকালি নিশা বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গ...
গণ বাৰ্তা, শালবাৰী, ২২ ডিচেম্বৰ: এতিয়াও যেন অন্ত নপৰিল ঠায়ে ঠায়ে নিৰ্বাচনী হিংসা৷ যোৱাকালি নিশা বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত গোৱৰ্দ্ধনা গাৱৰ সদৌ অসম গৰিয়ামৰিয়া যুৱ ছাত্ৰ পৰিষদৰ নেতা আজিজুৰ ৰহমানৰ বিলাহী খেতিত নিশা দূৰ্বৃত্বই কাটি নহা কৰিলে খেতিডুখৰৰ অধিক সংখ্যক বিলাহী গছ৷ এই ঘটনাৰ কোনো ৰাজনৈতিক শ্বৰযন্ত্ৰ থকাৰ অভিযোগ উত্থাপন কৰিছে আজিজুৰ ৰহমানে৷ কিয়নো যোৱা নিৰ্বাচনৰ সময়ছোৱাত সংগঠনটোৰ নেতাগৰাকীয়ে গ্ৰহণ কৰিছিল সংগঠনৰ হৈ বিশেষ ভুমিকা৷ আৰু তাৰ বাবেই ব্যক্তিগত ভাবে কোনো ক্ষতি কৰিব নোৱাৰি নিশা অন্ধকাৰৰ সুযোগ লৈ সংগঠিত কৰিলে বিৰোধীয়ে এই নিকৃষ্ট কাণ্ড৷ আৰক্ষীয়ে উক্ত ঘটনাৰ উচিত তদন্ত কৰি দুখিক চিনাক্ত কৰিবলৈ দাবী জনায় ভুক্তভোগী আজিজুৰ ৰহমানে৷ কিয়নো খেটিডুখৰ কৰাৰ সময়ত টকা পইচা ধাৰ কৰি কৰিছিল খেতি এতিয়া আজিৰ এই কাণ্ডৰ পিছত মুৰে কপালে হাত দিব লগীয়া হৈছে ভুক্তভোগী আজিজুৰ ৰহমানৰ৷ কিয়নো খেতিডুখৰ কেৱল মাত্ৰ আৰম্ভ হৈছে বিলাহী পকিবলৈ কমেও দুলাখ টকাৰ ক্ষতি হৈছে আজিজুৰ ৰহমানৰ৷ এতিয়া এই ঋণ কেনেকৈ পৰিষোধ কৰিব তাকে লৈ বিশেষ ভাবে চিনন্তিত হৈ পৰিছে৷
No comments