গণ বাৰ্তা, শিৱসাগৰ, ২০ ডিচেম্বৰ : শিৱসাগৰ জিলাৰ অন্তৰ্গত ৰংপুৰ পঞ্চায়তত আজি ৰাইজৰ দলৰ ৰংপুৰ গাওঁ পঞ্চায়তৰ এখনি আহ্বায়ক সমিতি গঠন কৰে। মেটে...
গণ বাৰ্তা, শিৱসাগৰ, ২০ ডিচেম্বৰ : শিৱসাগৰ জিলাৰ অন্তৰ্গত ৰংপুৰ পঞ্চায়তত আজি ৰাইজৰ দলৰ ৰংপুৰ গাওঁ পঞ্চায়তৰ এখনি আহ্বায়ক সমিতি গঠন কৰে। মেটেকা নাট্য মন্দিৰত অনুষ্ঠিত হোৱা উক্ত সভাত উপস্থিত থাকে ৰাইজৰ দলৰ মূখ্য আহ্বায়ক মহেন্দ্ৰ দিহিঙ্গীয়া। জিতুজ্যোতি সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰংপুৰ অঞ্চলৰ কেইবাশতাধিক ৰাইজ উপস্থিত আছিল। সভাত ৰাইজৰ দলৰ মূখ্য আহ্বায়ক মহেন্দ্ৰ দিহিঙ্গীয়াই বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে তীব্ৰ ভাষাৰে সমালোচনা কৰি ২০২১ চনত অখিল গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰা হব বুলি উল্লেখ কৰে। আনহাতে আজিৰ এই সভাই ৰংপুৰ পঞ্চায়তৰ বাবে ৰস্তুম আলিক মূখ্য আহ্বায়ক হিচাপে দায়িত্ব প্ৰদান কৰি ২০ জনীয়া এখনি আহ্বায়ক সমিতি গঠন কৰে। সভাত ছাহজাহান আলি, ৰঞ্জিত তামুলী, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পলাশ কোঁৱৰকেধৰি ভালেকেইজন ব্যক্তি উপস্থিত থাকি নতুন আহ্বায়ক সমিতিখনক বহু গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াই।
No comments