গণবাৰ্তা বিশেষ যোৰহাট ৪ ডিচেম্বৰ : অসমৰ এগৰাকী বলিষ্ঠ ছাত্ৰনেতা , জাতীয় জীৱনৰ এক আপোচবিহীন কণ্ঠ তথা সদৌ অসম ছাত্ৰ সন্থাৰ সদ্যপ্ৰাক্তন সাধাৰণ...
গণবাৰ্তা বিশেষ যোৰহাট ৪ ডিচেম্বৰ : অসমৰ এগৰাকী বলিষ্ঠ ছাত্ৰনেতা , জাতীয় জীৱনৰ এক আপোচবিহীন কণ্ঠ তথা সদৌ অসম ছাত্ৰ সন্থাৰ সদ্যপ্ৰাক্তন সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈদেৱৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাট নগৰৰ মাজমজিয়াৰ বৰুৱা চাৰিআলিস্থিত সহস্ৰাব্দী কাননত অনুষ্ঠিত কৰা হয় । সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটোত পাঁচ শতাধিকতকৈও অধিক লোক উপস্থিত থাকি জনপ্ৰিয় ছাত্ৰনেতাগৰাকীক বিদায় সম্ভাষণ জ্ঞাপন কৰে । সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত যোৰহাট মহকুমা ছাত্ৰ সন্থা , তিতাবৰ মহকুমা ছাত্ৰ সন্থা , যোৰহাট সদৰ আঞ্চলিক ছাত্ৰ সন্থা , পূৱ যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা , পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা , উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ সন্থা , বালিগাঁও আঞ্চলিক ছাত্ৰ সন্থা , কাকজান আঞ্চলিক ছাত্ৰ সন্থা , লাহিং আঞ্চলিক ছাত্ৰ সন্থা , চেলেংহাট আঞ্চলিক ছাত্ৰ সন্থা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থা , শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ সন্থা , তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থা , মৰিয়নী আঞ্চলিক ছাত্ৰ সন্থা , বৰহোলা আঞ্চলিক ছাত্ৰ সন্থা , ন আলি-ঢেকীয়াজুলি আঞ্চলিক ছাত্ৰ সন্থা , নকছাৰি আঞ্চলিক ছাত্ৰ সন্থা ,বেঁকাজান আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি যোৰহাট সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত তৰাজান শাখা ছাত্ৰ সন্থা , যোৰহাট কেন্দ্ৰীয় শাখা ছাত্ৰ সন্থা , জেইল ৰ'ড শাখা ছাত্ৰ সন্থা , গড়মূৰ শাখা ছাত্ৰ সন্থা , মালৌআলি শাখা ছাত্ৰ সন্থা , টোকলাই শাখা ছাত্ৰ সন্থা , চিনামৰা শাখা ছাত্ৰ সন্থা , ৰজাবাৰী শাখা ছাত্ৰ সন্থা , চোলাধৰা শাখা ছাত্ৰ সন্থা , জগন্নাথ বৰুৱা মহাবিদ্যালয় আছু গোট আৰু জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভা , চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় আছু গোট , যোৰহাট মহাবিদ্যালয় আছু গোট আৰু যোৰহাট মহাবিদ্যালয় ছাত্ৰ একতা সভা ইত্যাদিয়ে ছাত্ৰনেতা গৰাকীক বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে । ইয়াৰোপৰি অসম সেনা , যোৰহাট মহানগৰ সমিতি , ন-আলি এল.কে. পথস্থিত ইন্দ্ৰপ্ৰস্থ সামূহিক উন্নয়ন সংস্থা , তৰাজান সন্মিলন , তৰাজান মহিলা চ'ৰা , নাগৰিক সুৰক্ষা মঞ্চ , তৰাজান , যোৰহাট জিলা মৎস্য বজাৰ ব্যৱসায়ী সন্থা , সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য সমীৰণ বৰদলৈ , জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি হাজৰিকা , অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ যোৰহাট জিলাৰ সভানেত্ৰী ৰূপা বৰুৱাকে ধৰি বহু ব্যক্তি অনুস্থান দল সংগঠনে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে । বিদায় সম্বৰ্ধনা অনুষ্ঠানটোত উপস্থিত থাকি আৱেগিক হৈ বিদায়ী সম্পাদক লুৰিনজ্যোতি গগৈয়ে কয় , ভৱিষ্যতৰ দিনত জাতিৰ স্বাৰ্থত সদায় কাম কৰি যাম । যদিও আছুৰ পোছাক খুলিছোঁ আছুৰ নীতি , আছুৰ আদৰ্শৰ লগত কেতিয়াও আপোচ নকৰো । বৃহত্তৰ অসমীয়া জাতীয় জীৱনৰ ক্ষেত্ৰত ধূলিকণা হৈ আগন্তুক সময়ত এগৰাকী যোদ্ধা হিচাপে কাম কৰি যাবলৈ সকলোৰে ওচৰত গগৈদেৱে আশীৰ্বাদ ভিক্ষা কৰে আৰু যোৰহাটবাসীৰ এই মৰম , চেনেহ আৰু আশীৰ্বাদত উদ্বুদ্ধ হৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে এই অনুষ্ঠান আয়োজনৰ বাবে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।
No comments