সঞ্জীৱ দাস, ভৱানীপুৰ, ২৭ ডিচেম্বৰঃ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম কাব্য কাননৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত উদীয়মান লেখক, সাংবাদিক ভাৰ্গ...
সঞ্জীৱ দাস, ভৱানীপুৰ, ২৭ ডিচেম্বৰঃ আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম কাব্য কাননৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত উদীয়মান লেখক, সাংবাদিক ভাৰ্গৱ কুমাৰ নাথৰ সম্পাদিত কাব্যসংকলন 'কাব্যস্নান' উন্মোচন হয়। কাব্য কাননৰ সম্পাদক নৱ ৰাজনে আঁত ধৰা সভাখনত বহুকেইখন গ্ৰন্থ উন্মোচনৰ লগতে 'কাব্যস্নানো' উন্মোচন কৰা হয়। সংকলনখনি উন্মোচন কৰে অধ্যাপক, কবি, গীতিকাৰ, সাহিত্যিক, সুৰকাৰ ড° উৎপল নাথে। উন্মোচনৰ সময়ত মঞ্চত উপস্থিত থাকি জনপ্ৰিয় অভিনেত্রী জেৰিণা বৰুৱা, গায়ত্ৰী বৰা আৰু জনপ্ৰিয় কন্ঠশিল্পী গীতাশ্ৰী দেৱীয়ে ভাৰ্গৱ কুমাৰ নাথক শুভকামনা জনায় সাৱলীল ভাষণ ৰাখে।
No comments