Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আজমল ফাউণ্ডেচনৰ মহানুভৱতা; কঠিয়াতলিত দৰিদ্ৰ লোকৰ মাজত কম্বল বিতৰণ

  কফিল,হোজাই ৩১ ডিচেম্বৰ:  প্ৰচণ্ড শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ দৰিদ্ৰ লোকসকললৈ আজমল ফাউণ্ডেচনৰ সহায়ৰ শীতৰ কম্বল বিতৰণ কাৰ্য যোৱা এমাহৰ পৰা ...


 কফিল,হোজাই ৩১ ডিচেম্বৰ: প্ৰচণ্ড শীতৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ দৰিদ্ৰ লোকসকললৈ আজমল ফাউণ্ডেচনৰ সহায়ৰ শীতৰ কম্বল বিতৰণ কাৰ্য যোৱা এমাহৰ পৰা চলি আছে ৷ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু প্ৰাক্তন সাংসদ ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশত অসহায় ,দৰিদ্ৰ ৰাইজক শীতৰ পৰা কিছু পৰিমানে সকাহ দিয়াৰ উদ্দেশ্যে আজমল ফাউণ্ডেচনে কম্বল বিতৰন কৰি আছে । আজমল ফাউণ্ডেচনৰ মূখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আজমল ফাউণ্ডেচনে কালি কঠিয়াতলিত কেইবা শতাধিক লোকৰ মাজত বিনামূলীয়া কম্বল বিতৰণ কৰিছে ৷ প্ৰচণ্ড ঠাণ্ডা নিবাৰণৰ বাবে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে দিয়া হয় একোখনকৈ উন্নত মানৰ কম্বল। কম্বল লাভ কৰি হিতাধিকাৰী সকলে আজমল পৰিয়ালৰ লগতে আজমল ফাউণ্ডেচনৰ শলাগ লয় ৷

No comments